Wednesday, May 6, 2026
Homeৰাজনৈতিকপদত্যাগ নকৰে মমতাই!

পদত্যাগ নকৰে মমতাই!

পশ্চিম বংগৰ ২৯৩খন বিধানসভাৰ আসনৰ ভিতৰত ২০৭খনত জয়লাভ কৰিলে বিজেপিয়ে। তৃণমূল কংগ্ৰেছে লাভ কৰিছে ৮০খন আসন। এনেধৰণৰ ফলাফল আশা কৰা নাছিল মমতা বেনাৰ্জীয়ে! মঙলবাৰে বিয়লি কালিঘাটত সাংবাদিকৰ মুখামুখি হয় বিদায়ী মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু তৃণমূল সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী।

সংবাদমেল অনুষ্ঠিত কৰি মমতাৰ বাৰ্তা, তেওঁ আৰু বিধানসভা নিৰ্বাচনলৈ ঘূৰি নাহে। মানে উপ-নিৰ্বাচন হ’লেও প্ৰতিদ্বন্দ্বিতা নকৰে! তেওঁৰ কয়, ‘মই গাদীৰ আশা নকৰো। মই ৰাজীৱ গান্ধী, অটল বিহাৰী বাজপেয়ী, আই কে গুজৰালসহ বহুতৰে চৰকাৰ দেখিছো। কিন্তু এনে চৰকা দেখা নাই। তেওঁলোকে নিজৰ সৌজন্যতা পাহৰি গৈছে।’ লগতে তৃণমূলৰ নেত্ৰীগৰাকীৰ আহ্বান, ‘‘বেলেঘাটাত এজন লোকৰ মৃত্যু হৈছে। মোৰ অনুৰোধ স্বৈৰাচাৰী অত্যাচাৰ বন্ধ কৰক। শান্তিপূৰ্ণভাৱে চলক।’’

এতিয়াই তেওঁ পদত্যাগ নকৰে। তেওঁ কয়, ‘‘মই ৰাজভৱনলৈ কিয় যাম? আমিতো পৰাজিত হোৱা নাই। জোৰ কৰি দখল কৰি যদি কোনোৱে মোক পদত্যাগ কৰাম বুলি ভাৱে, সেয়া নহ’ব। আমিয়ে জিকিছো, আমি পৰাজিত হোৱা নাই। ইস্তাফাৰ প্ৰশ্ন ক’ৰ পৰা আহিল? আমি সকলো তথ্য প্ৰমাণ ৰাখিছো। আমি চিইঅ’ আৰু আৰঅ’ক সকলো জনাইছো। অভিযোগ কাক কৰিম। সকলো বিক্ৰী হৈ গৈছে।’’

বিজেপি বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ নেতাসকলে ফোন কৰি কাষত থকাৰ বাৰ্তা দিছে। তেওঁ কয় ‘‘মিত্ৰজোঁট আগন্তুক দিনত আৰু শক্তিশালী হ’ব। অখিলেশে আজি আহিব বিচাৰিছিল। মই কাইলৈ আহিবলৈ কৈছো। লগতে সকলো আহিব। মিত্ৰজোঁট শক্তিশালী কৰিম।’’ লগতে মমতা বেনাৰ্জীয়ে কয়, ‘‘আমাৰ বহুতকে বিজেপিত যোগদান কৰিবলৈ কৈছে। তেওঁলোকে তেওঁলোকৰ সুৰক্ষাৰ বাবে যোগ দিব পাৰে। মই নৰখাওঁ। ময়ো এটা কৌশল লৈছো। সেয়া সময়ত জনাম। দহ সদস্যৰ ফেক্ট ফাইণ্ডিং কমিটী গঠন কৰিছো। তেওঁলোকে আক্ৰান্ত অঞ্চললৈ যাব। তৃণমূল কংগ্ৰেছ ভৱন আৰু অভিষেক বেনাৰ্জীৰ আমতলা কাৰ্যালয়ত আক্ৰমণ হৈছে। আমাৰো বহু প্ৰাৰ্থী নিৰ্বাচিত হৈছে। সেয়ে জানি ৰাখক, ইতিহাসে সকলো ঘূৰাই দিয়ে। এয়া ইতিহাসৰ ক’লা দিন। কাউণ্টিং চেণ্টাৰ হাইজেক হৈছে। এয়া হোৱা উচিত নহয়। নিৰ্বাচনত জয়-পৰাজয় আছে। তেওঁলোকে এনেই জিকেল ক’বলগা নাছিল। কিন্তু তেওঁলোকৰ জোৰ কৰি জিকিছে।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments