Wednesday, May 6, 2026
Homeঅসম‘‘আমি হোটেল, ৰেষ্টুৰেণ্টৰ ৰাজনীতি কৰা নাই।’’

‘‘আমি হোটেল, ৰেষ্টুৰেণ্টৰ ৰাজনীতি কৰা নাই।’’

বিজেপি মিত্ৰজোঁটৰ বৃহৎ বিজয়ৰ পাছত বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে সভাপতি দিলীপ শইকীয়া আৰু অগপৰ সভাপতি অতুল বৰাই।
দিলীপ শইকীয়াই কয়, ‘‘বিশ্বস্ত আৰু পুৰণি বন্ধু অগপ। অসমৰ ৰাজনৈতিক ইতিহাসত কোনো এক মিত্ৰজোঁটৰ এই সফলতা অভূতপূৰ্ব। আমাৰ যৌথ প্ৰয়াস, তিনিওটা দলৰ কাৰ্যকৰ্তাৰ সফলতা এয়া। আই অসমীক সেৱা কৰাৰ সুযোগ দিছে ৰাইজে। সংবেদনশীলতা আৰু দায়িত্ববোধ ৰাইজৰ প্ৰতি আমাৰ আছে আৰু থাকিব।’’
 ‘‘আমি হোটেল, ৰেষ্টুৰেণ্টৰ ৰাজনীতি কৰা নাই।’’ তেওঁ লগতে কয়, ‘‘ৰাইজৰ আকাংক্ষা পুৰণত আমি একেলগে কাম কৰিম। ২০০১তে আমি মিত্ৰতাৰ পাশত আৱদ্ধ হৈছিলোঁ। নীতিত আপোচ কেতিয়াও আমি কৰা নাই। আমাৰ দল দুটাৰ মাজত মতৰ অমিল হ’লেও মনৰ অমিল হোৱা নাই। অগপৰ কাৰ্যকৰ্তাসকলক কৃতজ্ঞতা জনাইছোঁ।’’

অতুল বৰাই কয়, ‘‘বাজপেয়ী ভৱনত আমাক বৰ ধুনীয়াকৈ চাহ-মিঠাই খুৱালে। মুখ্যমন্ত্ৰী আৰু বিজেপি সভাপতিক অভিনন্দন জনাইছোঁ। এনে ফলাফল আগলৈ আৰু হ’বনে নাই ক’ব নোৱাৰোঁ। বিজেপিৰ বুথ পৰ্যায়ত সংগঠন কৰা কাৰ্যকৰ্তাৰ নিৰলস প্ৰচেষ্টাও সফলতাৰ অন্যতম কাৰণ। মুখ্যমন্ত্ৰীয়ে ২০২১ৰ পৰা বহু কষ্ট কৰিছে। আমি ভাল ফলাফল হ’ব বুলি নিশ্চিত আছিলোঁ। সাহস আৰু শক্তি দিছে এই ফলাফলে। আমাক অধিক দায়িত্বশীল কৰি তুলিছে। কংগ্ৰেছৰ বিপৰ্যয়ৰ মূল কাৰণ তেওঁলোকৰ দীঘলীয়া শাসন।

বিজেপি কাৰ্যকৰ্তাৰ জনসংযোগ এই জয়ৰ অন্যতম কাৰক। আমি দ্ৰুত গতিত কাম কৰিম। কাইলৈ বিজেপি সভাপতি দিলীপ শইকীয়াক আমবাৰীলৈ মাতিছোঁ। চি এমে বহুত কষ্ট কৰিছে, আমি চি এমকো মাতিছোঁ। আমি ডাবল ডিজিটত আসন পাম বুলি কৈছিলোঁ। সংখ্যালঘুসকলে কংগ্ৰেছক ভোট দিছে। এসময়ত কংগ্ৰেছে আলী-কুলিৰ ৰাজনীতি কৰিছিল। চাহ জনগোষ্ঠীয়ে ইতিমধ্যে কংগ্ৰেছক এৰিলে। এদিন সংখ্যালঘুৱেও এৰিব কংগ্ৰেছক। তেতিয়াই তলি উদং হ’ব কংগ্ৰেছৰ। জেন জি NDAৰ লগত আছিল৷ আমাক ভোট দিলে।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments