Saturday, November 28, 2026
HomeঅসমJUSTICE FOR ZUBEENৰ বাবে মানুহৰ উপস্থিতি সেৰেঙা দেখি দুখ প্ৰকাশ মানস ৰবীনৰ

JUSTICE FOR ZUBEENৰ বাবে মানুহৰ উপস্থিতি সেৰেঙা দেখি দুখ প্ৰকাশ মানস ৰবীনৰ

সংগীত শিল্পী মানস ৰবীনে আয়োজন কৰিছিল ‘জুবিন দাৰ বাবে এদিন’I এই অনুষ্ঠানটোত যি ধৰণে সঁহাৰি দিব লাগিছিল সেইধৰণে সহাঁৰি নিদিলে জুবিন অনুৰাগীয়ে। নাহিল নিমন্ত্ৰিত বিশিষ্ট অতিথি, নাহিল নিমন্ত্ৰিত ঘোষক। খালী চকীৰ সন্মুখতে মানস ৰবীনে আৰম্ভ কৰিলে অনুষ্ঠান।

👉JUSTICE FOR ZUBEENৰ বাবে মানুহৰ উপস্থিতি সেৰেঙা দেখি দুখ প্ৰকাশ মানস ৰবীনৰ
👉 ‘মই ফেচবুকত লিখিলো,বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয়ে গলো’
👉 ‘মানুহে ভয় খাইছে নেকি ?’
👉 ‘এগৰাকী অভিনেত্ৰীক মই মাতিছিলো এংকৰ কৰিবলৈ কিন্তু নাহিলে’
👉 ‘কেইবাগৰাকীও কণ্ঠশিল্পীক মাতিছিলো কিন্তু আহিছে এজন’
👉 কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ জনাইছিলো কিন্তু এতিয়ালৈকে অহা নাই : মানস ৰবীন

ৰাইজৰ আগত মানস ৰবীনে স্পষ্ট কৰি দিলে, আমি এটা ধাৰাক সলনি কৰিবৰ হ’ল, সত্যটো মানি ল’লে আমাৰ ভাল হ’বI কাৰণ প্ৰমাণৰ অভাৱত জুবিন গাৰ্গক ন্যায় কোনেও দিব নোৱাৰেI জুবিন গাৰ্গ ঈশ্বৰ প্ৰদত্ত গতিকে জুবিন গাৰ্গে নিজৰ ন্যায় নিজেই ল’ব।
মানস ৰবীনে ৰাইজক বুজাব বিচাৰিলে ন্যায়ৰ কাম আদালতত চলি থাকিব আপোনালোক মাত্ৰ প্ৰতিবাদ আন্দোলন এইবোৰৰ পৰা আঁতৰি আহক। তেওঁ ৰাইজক বুজালে SITএ অভিযোগনামাত উল্লেখ কৰা কথাবোৰ শুনি জুবিন গাৰ্গে ন্যায় পাব যেন লাগে, কিন্তু বাস্তৱত বেলেগ। এইবোৰ কথাৰ প্ৰমাণ দিব নোৱাৰে হেনো আদালতত I যাৰ ফলত জুবিন হত্যাৰ অভিযুক্তই কোনো শাস্তি নাপায়। অতি বেছি যদি সামান্য শাস্তি পায় তেন্তে সেইয়া দায়িত্বত গাফিলতিৰ বাবে পাব পাৰে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments