সদৌ আদিবাসী ছাত্ৰ সন্থা আৰু সংযুক্ত আদিবাসী সমাজৰ এটা প্ৰতিনিধি দলে ৩৬ টা আদিবাসী জনগোষ্ঠীৰ হৈ স্মাৰক পত্ৰ দাখিল কৰে মন্ত্ৰী গোটৰ আহ্বায়ক ডাঃ ৰণোজ পেগুক। স্মাৰক পত্ৰত আদিবাসী ও চাহ জনজাতি সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত তথা মন্ত্ৰী গোট সমিতিৰ প্ৰতিবেদনত কিছুমান পৰামৰ্শ শুধৰণি কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱা হয়।
মন্ত্ৰী গোটৰ আহ্বায়ক ডাঃ ৰণোজ পেগুৱে এই ৩৬টা মিত্ৰ সম্প্ৰদায়ক ইতিমধ্যে মন্ত্ৰী গোটৰ অন্তৱৰ্তীকালীন প্ৰতিবেদনত অনুসূচিত জনজাতি (ভেলী) মৰ্যাদাৰ বাবে পৰামৰ্শ দিয়া হৈছে বুলি উল্লেখ কৰে।
তদুপৰি স্মাৰক পত্ৰত আগবঢ়োৱা পৰামৰ্শসমূহ যথাযথ পৰিশ্ৰম আৰু সংবেদনশীলতাৰে পৰীক্ষা কৰা হ’ব, আৰু উপযুক্ত বিবেচনাৰ বাবে আগবঢ়াই নিয়া হ’ব বুলি আশ্বাস প্ৰদান কৰে।
