১.শ্বিলঙৰ হিংসাত্মক ঘটনাৰ পাছতে জনসাধাৰণৰ মাজত নিৰাপত্তা বজাই ৰাখিবলৈ চহৰৰ মাজমজিয়াত CRPF আৰু RAFৰ ফ্লেগ মাৰ্চ

২.যোৰাবাটত মেঘালয়ৰ মুখ্য সচিবৰ গাড়ী যোৱাত বাধা
মেঘালয়ৰ মুখ্য সচিবৰ ছাকিল পি আহাম্মেদৰ গাড়ী আৱদ্ধ হৈ আছে যোৰাবাটত

৩.চানমাৰি আৰক্ষীৰ জালত গাড়ী চোৰ
নাগালেণ্ডৰ পৰা উদ্ধাৰ গুৱাহাটীৰ পৰা চুৰি হোৱা গাড়ী
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰূপচিং বে নামৰ চোৰটোক।

৪.মৰিয়নিত পথ দুৰ্ঘটনা
তীব্ৰবেগী বাহনৰ খুন্দাত থিতাতে মৃত্যু এজনৰ
মৰিয়নি-যোৰহাট সংযোগী পথৰ পুখুৰীয়া গাঁৱৰ সমীপত এই দুৰ্ঘটনা
নিহত লোকজন মৰিয়নি ঢেকীয়াজুলি চাহ বাগিচাৰ ৰাজেন মুণ্ডা
পথ পাৰ হ’বলৈ লওঁতেই লোকজনক মহটিয়াই নিয়ে তীব্ৰবেগী বাহনে
দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ আৰক্ষীৰ
আৰক্ষীয়ে আটক কৰে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকজনক।

৫.১৫০০০ টকাৰ সাহায্যৰ পৰা বঞ্চিত বন্যার্তৰ অভিনৱ প্ৰতিবাদ
প্ৰখৰ ৰ’দত চৰকাৰে প্ৰদান কৰা তুলিৰ ওপৰত শুই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ

৬.’মই ১ কিঃমিঃতো নাই, ১০ কিঃমিঃতো নাই’
‘কাজিৰঙাৰ দক্ষিণ পাৰৰ পাহাৰ খনন কৰিলে কাজিৰঙা নাবাচে’
কাজিৰঙাৰ কাষৰ মানুহে ঘৰৰ বনোৱা অধিকাৰ পাব লাগিব,পাহাৰ খনন কৰিব নোৱাৰিব: অখিল গগৈ

৭.’এবাৰ মেঘালয়ে মাৰিব, এবাৰ অৰুণাচলে মাৰিব, এবাৰ নাগালেণ্ডৰ আক্ৰমণৰ বলি হ’ব অসম’
আমাৰ ল’ৰাকহে আৰক্ষীয়ে এনকাউন্টাৰ কৰিব পাৰে: অখিল গগৈ

৮.নগাঁৱৰ অমৃত কাননৰ সমীপত প্ৰায় ৩৫.৫ গ্ৰামৰ ড্ৰাগছ জব্দ
ফৌজদাৰীপট্টিৰ ইছলাম মল্লি আৰু চাহিন মল্লি পৰা জব্দ কৰে ড্ৰাগছখিনি
AS 02 R 7625 নম্বৰৰ হোণ্ডা ডিঅ নামৰ এখন স্কুটিৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে
নগাঁৱৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই আটক কৰে সৰবৰাহকাৰী দুটাক।

৯.শিলচৰত ৭০ হাজাৰ সন্দেহজনক য়াবা টেবলেট উদ্ধাৰ
গ্ৰেপ্তাৰ দুই
টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ১৪ কোটি টকা হ’ব

১০.📌অসম-মেঘালয়ৰ পৰিস্থিতিক লৈ কইনাধৰাত বৈঠক
📌বৈঠকৰ পাছত দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ সংবাদমেল সম্বোধন
📌ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হৈছে SIT
📌গ্ৰেপ্তাৰ কৰা কেইজনৰ বিৰুদ্ধে ১৫টা গোচৰ ৰুজু
📌দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে
📌৩ হাজাৰ বাহন অসমলৈ ঘূৰাই অনা হৈছে

