Friday, September 11, 2026
Homeঅসমহাউলীৰ মাদুলিঝাৰ গাঁৱৰ মৃদুস্মিতা দাসলৈ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগত সন্মানীয় Ph.D...

হাউলীৰ মাদুলিঝাৰ গাঁৱৰ মৃদুস্মিতা দাসলৈ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগত সন্মানীয় Ph.D ডিগ্ৰী

হাউলীৰ মাদুলিঝাৰ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰী মৃদুস্মিতা দাসে। শেহতীয়াকৈ তেওঁ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক (Computer Science and Engineering) বিভাগত সন্মানীয় Ph.D.ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। চলিত বৰ্ষৰ আগষ্ট মাহত তেওঁ আনুষ্ঠানিকভাৱে এই কৃতিত্ব অৰ্জন কৰে।
হাউলীৰ মাদুলিঝাৰ গাঁৱৰ নিবাসী ভূপেন্দ্ৰ নাথ দাস আৰু ভানু চৌধুৰীৰ সুযোগ্যা কন্যা তথা ড° নবজিত দাসৰ পত্নী মৃদুস্মিতাই ড° অপূৰ্বলাল সেনাপতিৰ নিপুণ তত্ত্বাৱধানত Central Institute Of Technology, Kokrajhar ৰ পৰা নিজৰ গৱেষণা কাৰ্য সম্পন্ন কৰে।

তেওঁৰ গৱেষণাৰ মূল বিষয় আছিল “Coreference Resolution in the Assamese Language”।
বৰ্তমানৰ ডিজিটেল আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) যুগত তেওঁৰ এই গৱেষণাৰ বিষয়বস্তুৱে বিশেষ তাৎপৰ্য বহন কৰিছে। অসমীয়া ভাষাৰ প্ৰাকৃতিক ভাষা সংসাধনৰ (Natural Language Processing বা NLP) দিশটোক কাৰিকৰীভাৱে অধিক উন্নত আৰু কম্পিউটাৰৰ বাবে বোধগম্য কৰাৰ ক্ষেত্ৰত তেওঁৰ এই অধ্যয়নে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। সৰল ভাষাত কব গলে AI বা ইণ্টাৰনেট ব্যৱহাৰ কৰিলে অসমীয়া ভাষাটো কম্পিউটাৰে অধিক বুজি পাব সক্ষম হব। কম্পিউটাৰ বিজ্ঞানৰ দৰে উচ্চ প্ৰযুক্তিৰ বিষয়ত অসমীয়া ভাষাক লৈ কৰা এই গৱেষণাই নিশ্চিতভাৱে ইণ্টাৰনেটৰ জগতত অসমীয়া ভাষাৰ প্ৰযুক্তিগত উত্তৰণত এক নতুন মাত্ৰা প্ৰদান কৰিব।
মৃদুস্মিতা দাসৰ এই ব্যতিক্ৰমী শৈক্ষিক সফলতাত এতিয়া মাদুলিঝাৰ গাঁৱৰ লগতে সমগ্ৰ হাউলী অঞ্চলতে এক আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে। এগৰাকী মেধাৱী ছাত্ৰী আৰু বোৱাৰী হিচাপে তেওঁৰ এই উত্তৰণে অঞ্চলটোৰ শিক্ষাৰ্থী সমাজক যথেষ্ট অনুপ্ৰাণিত কৰিব। পৰিয়ালৰ সদস্য, আত্মীয়-স্বজন, শুভাকাংক্ষী আৰু গাঁৱৰ সচেতন ৰাইজে ড° মৃদুস্মিতা দাসক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁৰ এক উজ্জ্বল আৰু কৰ্মমুখী ভৱিষ্যত কামনা কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments