বাইহাটা চাৰিআলি আৰক্ষীৰ অভিযান।বহিঃৰাজ্যৰ দুধৰ্ষ চিলনী চোৰক গ্ৰেপ্তাৰ।বাইহাটা চাৰিআলিকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিলনী চোৰে সন্ত্ৰাসিত কৰা বহিঃ ৰাজ্যৰ এক চিলনী চোৰক স্থানীয় বাইহাটা চাৰিআলি আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়।আৰক্ষী সূত্ৰে জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি কালি বাইহাটা চাৰিআলি থানাত পঞ্জীভূক্ত হোৱা এক গোচৰৰ ভিত্তিত স্থানীয়ে বাইহাটা চাৰিআলি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপজ্যোতি পাটিৰৰ নেতৃত্ত্বত যোৱা এটি আৰক্ষীৰ দলে পশ্চিমবংগ আৰক্ষীৰ সহযোগত কৌশলৰে দুধৰ্ষ চিলনী চোৰ বিচাৰি অভিযান চলায়।অতি দুৰ্গম তথা বিপদ সংকুলৰ মাজেৰ চলোৱা এই অভিযানত পশ্চিমবঙ্গৰ জলপাইগুৰি জিলাৰ ৰাজগনী থানাৰ অন্তৰ্গত ফাটাহপুৰৰ বিজজু গোৱালাৰ”পুত্ৰ দুধৰ্ষ চিলনী চোৰ অবিনাশ গোৱালাক (৩৩)আটক কৰিবলৈ সক্ষম হয়।পিছত আজি স্থানীয় বাইহাটা চাৰিআলি আৰক্ষীয়ে উক্ত চোৰ জনক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰঙিয়া আদালতত হাজিৰ কৰাই পুনৰ নিজৰ জিম্মাত লয়।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
