পশ্চিম বংগৰ ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰাৰ পাছতেই নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰে সুস্মিতা দেৱে। ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিয়েই অসমৰ মুখ্যমন্ত্ৰীক সুস্মিতা দেৱে সাক্ষাৎ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। শীঘ্ৰেই বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে সুস্মিতা দেৱৰ।
দলটোৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে দল ত্যাগ কৰাৰ লগতে ৰাজ্যসভাৰ সাংসদ পদো ত্যাগ কৰে। সুখেন্দু শেখৰ ৰায়ৰ পাছত এসপ্তাহৰ ভিতৰত পদত্যাগ কৰা তেওঁ হ’ল দ্বিতীয়গৰাকী সাংসদ। আজি সুস্মিতা দেৱে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰিব আৰু আজি দুপৰীয়া ১ বজাত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিব। তৃণমূলৰ একাংশ সাংসদে NDAক সমৰ্থন কৰাৰ খবৰ ওলোৱাৰ কেইদিনমান পাছতে আৰু দলটোৰ ভিতৰত বৃদ্ধি পোৱা অসন্তুষ্টিৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সুস্মিতা দেৱে।
