Friday, September 11, 2026
Homeঅসম৮৬৩ নং পুঠিমাৰী প্ৰাথমিক বিদ্যালয়ৰ আবেলিৰ পাঠদান শীৰ্ষক ব্যতিক্ৰমী প্ৰচেষ্টা৷

৮৬৩ নং পুঠিমাৰী প্ৰাথমিক বিদ্যালয়ৰ আবেলিৰ পাঠদান শীৰ্ষক ব্যতিক্ৰমী প্ৰচেষ্টা৷

সোমবাৰে আবেলি ৪ বজাত ৮৬৩ নং পুঠিমাৰী বিদ্যালয় প্ৰাংগনত ৮৬৩ নং পুঠিমাৰী প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি আৰু পুঠিমাৰী জ্যোতি সংঘৰ যুটীয়া প্ৰচেষ্টাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ -ছাত্ৰীৰ বাবে আবেলিৰ পাঠদান শীৰ্ষক এলানি বিনামূলীয়া শৈক্ষিক কাৰ্যসূচীৰ শুভ উদ্বোধনি অনুষ্ঠান আয়োজিত কৰা হয়৷ এই পাঠদান কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে গোৱালপাৰা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সন্মানীয় সম্পাদক লক্ষন হাজোৱাৰীয়ে ৷

সভাত মুখ্য অতিথি হিছাবে উপস্থিত থাকে ৰাজ্যিক কৃতি শিক্ষক বটাৰে সন্মানিত তথা দ্ৰোনাচাৰ্য বটা প্ৰাপ্ত শিক্ষক ৰুদ্ৰ সিং ৰাভা, জিলা কৃতি শিক্ষক বটাৰে সন্মানিত গিৰিঞ্জয় হাজোৱাৰী ,বিকালী মৌজা সমবায় সমিতিৰ সভাপতি হলিৰাম কছাৰী ,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিপক কুমাৰ বড়ো,পুঠিমাৰী জ্যোতি সংঘৰ সভাপতি সঞ্জয় কছাৰী,প্ৰধান শিক্ষক ৰাতুল নাথ, ছাত্ৰ -ছাত্ৰীৰ লগতে অভিভাৱক আৰু ৰাইজ৷ সভাত আবেলিৰ পাঠদান কাৰ্যসূচীৰ উপযোগিতা সম্পৰ্কে বক্তব্য ৰাখি জিলা কৃতি শিক্ষক গিৰিঞ্জয় হাজোৱাৰী ছাত্ৰ -ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যসূচীটো দীঘলীয়া সময়ৰ বাবে চলাই নিয়াৰ বাবে আহ্বান জনায় ৷ সভাত উপস্থিত ৰাজ্যিক কৃতি শিক্ষক ৰুদ্ৰ সিং ৰাভাই পাঠদান কাৰ্যসূচীৰ উপযোগিতা লগতে বৰ্তমান nep২০২০ ৰ আধাৰত বিদ্যালয়ৰ শৈক্ষিক উত্তৰণত বাস্তৱ ভিত্তিক পাঠদান,শিক্ষনত শিক্ষন সামগ্ৰীৰ ব্যৱহাৰ আৰু সমাজৰ অংশগ্ৰহণ সম্পৰ্কে বহুমূলীয়া ভাষন ৰাখে ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাতুল নাথে আবেলিৰ পাঠদান সম্পৰ্কে বক্তব্য ৰাখি উল্লেখ কৰে যে শিশুৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ গ্যান,TARL ভিত্তিত চিনাক্ত দুৰ্বল শিক্ষাৰ্থীক সকলো ছাত্ৰ -ছাত্ৰীৰ সমানে সমানে আগবঢ়াই লৈ যোৱাটোৱে এই পাঠদান কাৰ্যসূচীৰ মহান উদ্দেশ্য ৷ চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতি ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ আগ্ৰহ জন্মোৱা আৰু সমাজৰ স্ৱতঃস্ফুৰ্ত অংশগ্ৰহণেৰে শিক্ষাৰ জৰিয়তে চৰকাৰী শিক্ষানুষ্ঠানক আগবঢ়াই নিয়াৰ মহৎ উদ্দেশ্য সাৰোগত কৰি এই কাৰ্যসূচী ৰুপয়িত কৰা হৈছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments