Saturday, November 28, 2026
Homeঅসমজিনজিয়া মহাবীৰ হাইস্কুলত ব্লক পৰ্যায়ৰ চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা

জিনজিয়া মহাবীৰ হাইস্কুলত ব্লক পৰ্যায়ৰ চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা

জিলা শিশু সুৰক্ষা গোট (DCPU), বিশ্বনাথৰ উদ্যোগত ৩০ দিনীয়া জিলা পৰ্যায়ৰ শিশু সুৰক্ষা সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে বিহালী ব্লকৰ অন্তৰ্গত জিনজিয়া মহাবীৰ হাইস্কুলত ব্লক পৰ্যায়ৰ চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ব্লকৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে। চিত্ৰাংকন প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হয় – গ্ৰুপ A (পঞ্চমৰ পৰা সপ্তম শ্ৰেণী) আৰু গ্ৰুপ B (অষ্টমৰ পৰা দশম শ্ৰেণী)। ছাত্ৰ-ছাত্ৰীয়ে নিজৰ সৃজনশীলতা আৰু কল্পনাৰে সুন্দৰ চিত্ৰ অংকন কৰে।
কুইজ প্ৰতিযোগিতাতো বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সক্ৰিয়ভাৱে অংশ লৈ শিশুৰ অধিকাৰ আৰু শিশু সুৰক্ষাৰ বিষয়ে জ্ঞান প্ৰদৰ্শন কৰে।
সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে স্বাক্ষৰ অভিযানো অনুষ্ঠিত হয়। ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অংশগ্ৰহণকাৰী সকলে শিশুৰ সুৰক্ষা, অধিকাৰ আৰু কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ স্বাক্ষৰ কৰে। অনুষ্ঠানত মহিলা আৰু শিশু বিকাশ বিভাগ, শিক্ষা বিভাগ, জিলা আইনী সেৱা প্ৰাধিকৰণ আৰু আৰক্ষী বিভাগৰ বিষয়া-প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। শেষত পুৰস্কাৰ বিতৰণী অনুষ্ঠানৰে কাৰ্যসূচীৰ সামৰণি পৰে। চিত্ৰাংকন আৰু কুইজ – দুয়োটা শাখাতে বিজয়ীসকলক সম্বৰ্ধনা জনোৱা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments