শংকৰদেৱ কলাক্ষেত্ৰত ২৯১ সংখ্যক ৰাঘৱ দিৱস উদযাপন
ৰাঘৱ মৰাণক বীৰ নহয়, মহাবীৰ বোলা উচিৎ – ড° বসন্ত গোস্বামী
দুখনকৈ মুকলি সভা সম্পন্ন
উন্মোচিত হ’ল ৬ খনকৈ মূল্যবান গ্ৰন্থ
গুৱাহাটী, ১৯ নৱেম্বৰঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত, অসম মৰাণ সভাৰ উদ্যোগত আৰু সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ আৰু মৰাণ সাহিত্য সভাৰ সহযোগত আজি (১৯ নৱেম্বৰ) অনুষ্ঠিত হৈ যায় ২৯১ সংখ্যক ‘বীৰ ৰাঘৱ দিৱস’। গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ ‘শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ’ত অনুষ্ঠিত ৰাঘৱ দিৱসৰ শুভাৰম্ভ হ’য় পতাকা উত্তোলনেৰে। পতাকা উত্তোলন কৰে উদ্যোক্তা সংগঠন অসম মৰাণ সভাৰ সভাপতি বিৰিঞ্চি নেওগ, সহযোগী সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিদ্ৰ বড়া, সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উপদেষ্টা ইলেশ্বৰ চেতিয়া, মৰাণ জাতীয় মহিলা পৰিষদৰ সভানেত্ৰী দীপা শইকীয়া বড়া, মৰাণ জাতীয় কৰ্মচাৰী বিকাশ মঞ্চৰ সভাপতি ভাৰ্ণৱ মৰাণ আৰু মৰাণ সাহিত্য সভাৰ সভাপতি ৰবীন মৰাণে। স্মৃতি তৰ্পণ কৰে অসম মৰাণ সভাৰ প্ৰধান সম্পাদক ৰণ্টু ডাঙৰীয়া, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়কান্ত মৰাণ, সদৌ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ সম্পাদক ৰুণু মৰাণ চাউৰক, মৰাণ জাতীয় কৰ্মচাৰী বিকাশ মঞ্চৰ সম্পাদক জ্ঞান বৰুৱা আৰু মৰাণ সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল দহোটীয়াই। বীৰ ৰাঘৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে মৰাণ স্বায়ত্ত্ব পৰিষদৰ অধ্যক্ষ ধৰ্মেন্দ্ৰ নেওগে। বন্তি প্ৰজ্বলন কৰে থুলেশ্বৰ চেতিয়া, অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদৰ সহকাৰী সম্পাদক সুৰজিৎ মৰাণকে ধৰি বিভিন্ন জাতীয়-জনগোষ্ঠীয় নেতাই।
প্ৰথম মুকলি সভাখন উদ্বোধন কৰে অসম মৰাণ সভাৰ উপদেষ্টা দীপন মৰাণে। অসম মৰাণ সভাৰ সাধাৰণ সম্পাদক ৰণ্টু ডাঙৰী আৰু সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়কান্ত মৰাণে আঁত ধৰা মুকলি সভাত সভাপতিত্ব কৰে অসম মৰাণ সভাৰ সভাপতি বিৰিঞ্চি নেওগে। সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, এন ডি ২৪ চেনেলৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেং, সদৌ অসম ডিমাছা ছাত্ৰ সন্থাৰ সভাপতি মাইৰিং জহৰিচা, অসম সাহিত্য সভাৰ দুলীয়াজান অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি আদিত্য গোস্বামী, মৰাণ জনগোষ্ঠীৰ ৬ সংগঠনৰ সভাপতি আৰু সম্পাদকসকল, সদৌ অসম মটক সন্মিলন আৰু চুতীয়া যুৱ সন্মিলনৰ নেতাকে প্ৰমুখ্য কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সভাৰ আৰম্ভনিতে মঞ্চত ৰাঘৱ দিৱসৰ শীৰ্ষগীত পৰিৱেশিত হয়।

গ্ৰন্থ উন্মোচন কাৰ্যসূচীত উদ্যোক্তা সমিতিৰ স্মৃতি গ্ৰন্থ ‘বীৰ ৰাঘৱ, আৰু মৰাণ সাহিত্য সভাৰ ৫ খনকৈ মূল্যবান গ্ৰন্থ উন্মোচন কৰা হয়। মৰাণ সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থৰাজিত আছে ৰবীন মৰাণৰ ‘উজনিৰ দস্তাবেজঃ শ্বাসৰুদ্ধ তিনিটা দশক’, নৱ কুমাৰ মৰাণৰ ‘মৰাণ সকলৰ অনুভৱৰ পৃষ্ঠাবোৰ’, লোকা ভাস্কৰ বড়া আৰু নৱ কুমাৰ মৰাণৰ ‘খেং-খিমতৰ-লানমাখ্ৰু’ৰ দ্বিতীয় সংস্কৰণ, বিশ্বজিত মৰাণৰ ‘মৰাণ বীৰ-বীৰাঙ্গনা’ আৰু বিধান মৰাণৰ ‘মৰাণ লোক সংস্কৃতিৰ কোষ’। বিশিষ্ট সাহিত্যিক ড° উপেন ৰাভা হাকাচাম, সাংবাদিক ৰাজদীপ বাইলুং বৰুৱা, পলাশ চাংমাই, বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ অমৰজিত শইকীয়াকে ধৰি অন্যান্য অতিথি সকলে গ্ৰন্থসমূহ উন্মোচন কৰে। গ্ৰন্থ উন্মোচনী সভাত ড° বসন্ত গোস্বামীয়ে ৰাঘৱক বীৰ নহয়, মহাবীৰ আখ্যা দিয়া উচিৎ বুলি মন্তব্য কৰে। পলাশ চাংমাইয়ে ভাষণ প্ৰসঙ্গত তিনিচুকীয়া জিলাৰ ডুমডুমাস্থিত বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়খনক বিশ্ববিদ্যালয়লৈ উন্নীত কৰিব লাগে বুলি দোহাৰে।
মৰাণ সাহিত্য সভাৰ উপদেষ্টা তৰুণ বৰুৱা মৰাণে নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়োৱা দ্বিতীয় মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। বিশিষ্ট অতিথি হিচাপে শদিয়াৰ বিধায়ক বলিন চেতিয়া, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, তিনিচুকীয়াৰ বিধায়ক পুলক গোহাঁই, প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, মৰাণ স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী অৰুণজ্যোতি মৰাণ আৰু মৰাণ জনগোষ্ঠীৰ ৬ সংগঠনৰ সভাপতিসকল বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত বিধয়ক বলিন চেতিয়া, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু কেবিনেট মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বক্তব্য আগবঢ়ায়। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৰাঘৱৰ দৰে বীৰ পুৰুষৰ আদৰ্শ জীয়াই ৰখা আৰু গ্ৰন্থৰ প্ৰাসঙ্গিতা সন্দৰ্ভত সাৰগৰ্ভ বক্তব্য আগবঢ়ায়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা পৰিচালিত সভাখনত মৰাণৰ লগ বিহুকে ধৰি কেইবাটিও দলীয় নৃত্যৰে সাংস্কৃতিক কাৰ্যসূচী সম্পন্ন হয়।
