- যোৰহাটৰ জ্যোতিপুৰৰ কলাখোৱাত মঙলবাৰে সন্ধিয়া সংঘটিত ডকাইতিৰ ঘটনাই লৈছে নতুন মোৰ।
- আৰক্ষীৰ অনুসন্ধানৰ পিছত ভুক্তভোগী বয়োজ্যেষ্ঠ মহিলা ৰুবী পাত্ৰৰ ভাষ্যই সৃষ্টি কৰিছে চাঞ্চল্যৰ।
- পাৰিবাৰিক কন্দলৰ পৰিণতিত ৰুবী পাত্ৰই নিজে এই ডকাইতিৰ ঘটনা ৰচনা কৰিছিল বুলি চাঞ্চল্যকৰ ভাষ্য আৰক্ষীক প্ৰদান কৰিছে।
- একাকীত্বই খেদি ফুৰা এগৰাকী মাতৃৰ কৰুণ কাহিনী
- পুত্ৰক ঘৰলৈ ওভটাই আনিবলৈ সাজিলে ডকাইতিৰ মনেসজা কাহিনী
- ৩ জুন তাৰিখে যোৰহাট জ্যোতিপুৰ কলাখোৱাৰ ৰুবী পাত্ৰই অভিযোগ দিছিল ঘৰত ডকাইতিৰ
- ঘৰত অকলে থকা মহিলাগৰাকীয়ে অভিযোগ দিছিল ডকাইতে অ/স্ত্ৰ দেখুৱাই নগদ ধন, আ-অলংকাৰ লুটি নিয়াৰ
- আৰক্ষীৰ তদন্তত ভেদ হ’ল ডকাইতিৰ ৰহস্যৰ
- চাকৰিসূত্ৰে যোৰহাট নগৰত থাকে মহিলাগৰাকীৰ পুত্ৰ
- ঘৰত অকলে থাকিব লগা হয় মহিলাগৰাকী
- পুত্ৰক ঘৰলৈ ঘূৰাই আনিবলৈকে ৰচিছিল ডকাইতিৰ ভুৱা নাটক
- আত্মীয়ৰ পৰামৰ্শমতেই এই নাটক ৰচিছিল ৰুবী পাত্ৰই
- আশা আছিল ডকাইতিৰ কথা শুনি মাতৃৰ কাষলৈ গুচি আহিব পুত্ৰ
- সেই আশাৰেই মনেসজা কাহিনী ৰচে ৰুবী পাত্ৰই
