সমগ্ৰ ৰাজ্যজুৰি সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত বতৰে ল’ব পাৰে কাল ৰূপ।
কোকৰাঝাৰ, চিৰাং, দক্ষিণ শালমাৰা মানকাচৰ, ধুবুৰী, গোৱালপাৰা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ(মহানগৰ), তামুলপুৰ, ওদালগুৰি, দৰং, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, কাৰ্বি আংলং, বিশ্বনাথ, শোণিতপুৰ, মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, লখিমপুৰ আৰু ধেমাজি জিলাত মঙলবাৰে বতৰ বিজ্ঞান কেন্দ্ৰই Yellow Alert জাৰি কৰিছে।
বঙাইগাঁও, বাক্সা, গোলাঘাট আৰু তিনিচুকীয়া জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই আজি Orange ALert জাৰি কৰিছে। Orange ALert জাৰি কৰা জিলাকেইখনৰ দুই এঠাইত প্ৰবল বৰষুণ হোৱাৰ সম্ভানা আছে।
কোকৰাঝাৰ, ধুবুৰী, চিৰাং, গোৱালপাৰা, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ(মহানগৰ), তামুলপুৰ, ওদালগুৰি, দৰং, নগাঁও, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, বিশ্বনাথ, মাজুলী, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, লখিমপুৰ আৰু ধেমাজি জিলাত দুই এঠাইত বিজুলী ঢেৰেকনিসহ ব্ৰজপাতৰ আৰু প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
শোণিতপুৰ, মৰিগাঁও, হোজাই, দক্ষিণ শালমাৰা, ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি জিলাৰ দুই এঠাইত বিজুলী ঢেৰেকনিসহ ব্ৰজপাতৰ হোৱাৰ সম্ভাৱনা আছে।
