গুৱাহাটী দিশপুৰস্থিত মন্ত্ৰী আৱাসত আজি অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যান আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰক সাক্ষাৎ কৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ নেতৃবৰ্গই।

মন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি বিভাগীয় মন্ত্ৰী হিচাপে সম্বৰ্ধনা জনায় আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ নেতৃত্বই। তদুপৰি পৰিষদৰ নেতৃবৰ্গই বিভাগীয় মন্ত্ৰীজনৰ সৈতে আগন্তুক বাজেটত পুঁজি আৱণ্টণ কৰাৰ সন্দৰ্ভতো আলোচনা কৰে।
