Thursday, June 18, 2026
HomeঅসমNEEPCOএ মুকলি কৰিলে খানডং বান্ধৰ গেট

NEEPCOএ মুকলি কৰিলে খানডং বান্ধৰ গেট

অবিৰত বৰষুণৰ ফলত খানডং ৰিজাৰ্ভাৰ (Khandong Reservoir)ৰ পানীৰ স্তৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ NEEPCOএ আজি খানডং বান্ধৰ ৭টা গেটৰ ভিতৰত ৩টা গেট মুকলি কৰিছে, যাতে অতিৰিক্ত পানী ধীৰে ধীৰে এৰি ৰিজাৰ্ভাৰৰ পানীৰ স্তৰ সুৰক্ষিত সীমাৰ ভিতৰত ৰাখিব পৰা যায়।

NEEPCOৰ মতে, আগন্তুক দিনসমূহতো যদি বৰষুণ অব্যাহত থাকে আৰু পানীৰ স্তৰ অধিক বৃদ্ধি পায়, তেন্তে বান্ধৰ বাকী গেটসমূহো মুকলি কৰিবলগীয়া হ’ব পাৰে। এনে পৰিস্থিতিত তলভাগৰ অঞ্চলসমূহত পানীৰ সোঁত অধিক বৃদ্ধি পাব আৰু বান তথা অন্যান্য বিপদৰ আশংকা বৃদ্ধি পাব পাৰে।
বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত কাৰ্বি আংলং, হোজাই, নগাঁও, মৰিগাঁও আৰু পশ্চিম জয়ন্তীয়া হিলছ জিলাসমূহত সতৰ্কতা জাৰি কৰা হৈছে। নদ-নদী আৰু জলধাৰাসমূহৰ পানীৰ স্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা থকাৰ বাবে স্থানীয় ৰাইজক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে।
বিশেষকৈ মাছ ধৰা লোকসকল, নৈপৰীয়া ৰাইজক বা কাম কৰা লোকসকলক অধিক সাৱধানতা অৱলম্বন কৰিবলৈ NEEPCOএ অনুৰোধ জনাইছে। কোনোধৰণৰ দুৰ্ঘটনা এৰাই চলিবলৈ পানীৰ কাষত অপ্রয়োজনীয় ভ্ৰমণ বা কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈও পৰামৰ্শ দিয়া হৈছে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments