Saturday, June 13, 2026
Homeঅসমজুবিন গাৰ্গ হত্যাকাণ্ডৰ ৪ অভিযুক্তৰ জামিন নাকচ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ ৪ অভিযুক্তৰ জামিন নাকচ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ ৪ অভিযুক্তৰ জামিন নাকচ। জামিন নাকচ হ’ল অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য জামিন আৱেদন নাকচ।বিশেষ ফাষ্টট্রেক আদালতে নাকচ কৰিলে অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য জামিন।

পূৰ্বে উচ্চ ন্যায়ালয়ে নাকচ কৰিছিলে শ্যামকানু মহন্তৰ জামিন। ইয়াৰ পূৰ্বে ফাষ্টট্ৰেক আদালতেও নাকচ কৰিছিল শ্যামকানু মহন্তৰ জামিন আবেদন।ইয়াৰ পূৰ্বে বিশেষ ফাষ্টট্ৰেক আদালতে নাকচ কৰিছিলে শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন।

জুবিন হত্যাৰ চাৰি অভিযুক্তৰ জামিন আবেদন নাকচ হোৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে। ‘‘আজিৰে পৰা গোচৰৰ বিচাৰ প্ৰক্ৰিয়াই অন্য এক মাত্ৰা লাভ কৰিছে। আজি ৪ জনকৈ সাক্ষীয়ে নিজৰ সাক্ষ্যদান কৰিলে আদালত। প্ৰথম এজাহাৰকাৰী ৰাতুল বৰাই বৰ সুন্দৰকৈ আজি আদালত ভাষ্য ৰাখিছে। আন আৰক্ষী বিষয়া কেইগৰাকীয়েও সাক্ষ্যদান কৰিছে। কাইলৈ পুনৰ আন ৫ জনকৈ সাক্ষীয়ে সাক্ষ্যদান কৰিব আদালতত। গোচৰটোত ৩৯৪ গৰাকী সৰ্বমুঠ সাক্ষী আছিল। তাৰ পৰা বিচাৰ কৰি সাক্ষ্যৰ বাবে আদালতে মাতিব। আনহাতে ৪ অভিযুক্তৰ জামিন আজি নাকচ কৰিলে আদালতে।’’

ইফালে গৰিমা শইকীয়া গাৰ্গে কয় যে ‘‘আজিৰে পৰাহে ন্যায়িক যুজঁখন সম্পূৰ্ণৰূপে আৰম্ভ হৈছে। আমি অসমৰ ৰাইজ,লগতে সাংবাদিক সকলৰ ওচৰত চিৰ কৃতজ্ঞ। জুবিনৰ ন্যায়িক যুজঁখনত সাংবাদিক সকলে প্ৰতিটো দিনতে সহযোগিতা আগবঢ়াই আহিছে। কোনো অভিযুক্তই সাৰি যাব নোৱাৰিব। আদালতত এতিয়ালৈ সঠিককৈ চলি আছে বিচাৰ প্ৰক্ৰিয়া। কাইলৈ পুনৰ আন ৫ গৰাকী সাক্ষীয়ে সাক্ষ্যদান কৰিব।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments