ভাৰ্গৱ ৰাজবংশী ,ধূপধৰা:অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ মাহভিত্তিক শৈক্ষিক দিনপঞ্জীৰ সৈতে সংগতি ৰাখি আজি দুধনৈ শিক্ষা খণ্ডৰ তথা ধূপধৰাৰ সমীপৰ ৮১২ নং শিমলাবাৰী প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ স্হানীয় শিমলাবাৰী শিলপথাৰৰ এখন খেতিপথাৰত থলুৱা পদ্ধতিৰে কঠীয়া ৰোৱা কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে পঞ্চম শ্ৰেণীৰ ‘’অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ’’ পাঠৰ ৪ নং বিষয় ‘’কৃষিজ সম্পদ’’ৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণীকোঠাত আহৰণ কৰা জ্ঞানক বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ সৈতে সংযোগ কৰাৰ সুযোগ প্ৰদান কৰা হয় লগতে মাটি, পানী, কৃষি আৰু পৰিৱেশৰ বিষয়ে প্ৰত্যক্ষ জ্ঞান লাভ কৰাৰ লগতে কৃষিকাৰ্যৰ মাজেৰে গাণিতিক জোখ-মাখৰ ব্যৱহাৰিক ধাৰণা প্ৰদান কৰাও কাৰ্যসূচীটোৰ অন্যতম উদ্দেশ্য আছিল।সেই হিচাপে কাৰ্যসূচীত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি মহকুমা কৃষি বিষয়া কাৰ্যালয় দুধনৈৰ কৃষি সম্প্ৰসাৰণ সহায়ক ডেভিদ নাথে ছাত্ৰ-ছাত্ৰীসকলক কঠীয়া ৰোৱাৰ পদ্ধতি, কৃষিৰ বিভিন্ন দিশ আৰু কৃষিজ সম্পদৰ গুৰুত্ব সম্পৰ্কে ব্যৱহাৰিকভাৱে অৱগত কৰে।ইপিনে অকল পাঠ্যপুথিৰ জ্ঞানতে সীমাবদ্ধ নাথাকি
ছাত্ৰ-ছাত্ৰীসকলে কঠীয়া ৰোৱাৰ পদ্ধতি প্ৰত্যক্ষ কৰাৰ লগতে নিজেও ৰোপণ কাৰ্যত অংশগ্ৰহণ কৰে। ফলত তেওঁলোকৰ কৃষিৰ প্ৰতি আগ্ৰহ, শ্ৰমৰ প্ৰতি সন্মান, পৰিৱেশৰ প্ৰতি দায়িত্বশীল মনোভাৱ আৰু ব্যৱহাৰিক জ্ঞান বৃদ্ধি পায়।আনহাতে বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট, ইকো ক্লাব, অভিভাৱক আৰু স্থানীয় ৰাইজৰ সহযোগিতাত অনুষ্ঠিত এই কাৰ্যসূচীয়ে বিদ্যালয় আৰু সমাজৰ মাজত এক সুন্দৰ শৈক্ষিক সংযোগ স্থাপন কৰে।উল্লেখ্য যে বিদ্যালয় খনৰ সৰবৰহী যুৱ উদ্যমী প্ৰধান শিক্ষক গিৰিঞ্জয় হাজোৱাৰীৰ নেতৃত্ব আৰু বিশেষ প্ৰচেষ্টাত কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰা কাৰ্যসূচীত বিদ্যালয়খনৰ এনে হাতে-কামে শিক্ষা আৰু সমাজভিত্তিক শৈক্ষিক প্ৰয়াসে ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথিৰ জ্ঞানৰ লগতে বাস্তৱ জীৱনৰ অভিজ্ঞতা আহৰণৰ সুযোগ প্ৰদান কৰিছে বুলি একাংশই মত প্ৰকাশ কৰে।
