Friday, September 11, 2026
Homeঅসমডাঃ হিতেশ বৰুৱাৰ বিস্ফোৰণ

ডাঃ হিতেশ বৰুৱাৰ বিস্ফোৰণ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে। শুকুৰবাৰে বিশেষ ফাষ্টট্ৰেক আদালতত সাক্ষ্যদান কৰে চিকিৎসক হিতেশ বৰুৱাই। বিগত ৫৭ দিনত গোচৰটোৰ প্ৰায় ১১০গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিছে আদালতে।

সাক্ষ্যদানৰ অন্তত ডাঃ হিতেশ বৰুৱাই জুবিন গাৰ্গৰ মৃত্যুক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ ভাষ্য অনুসৰি, পানীত ডুবাৰ পাছত জুবিন গাৰ্গক যদি তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদান কৰা হ’লহেঁতেন, তেন্তে হয়তো জাতিয়ে জুবিন গাৰ্গক নেহেৰুৱালেহেঁতেন।

ডাঃ বৰুৱাই লগতে প্ৰশ্ন উত্থাপন কৰে যে জুবিনক ছিংগাপুৰলৈ নিয়াৰ সময়ত কিয় কোনো চিকিৎসকৰ দল নিয়োগ কৰা হোৱা নাছিল? জুই, পানী আৰু ডাইভিং সম্পৰ্কীয় ক্ষেত্ৰত জুবিনক পূৰ্বে বাধা আৰোপ কৰাৰ পাছতো শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই কিয় অধিক সাৱধানতা অৱলম্বন নকৰিলে বুলিও তেওঁ প্ৰশ্ন কৰে।ইয়াৰ উপৰি জুবিনৰ নিয়মীয়া ঔষধ-পাতি কিয় সম্পূৰ্ণৰূপে যোগান ধৰা হোৱা নাছিল, সেই বিষয়তো প্ৰশ্ন উত্থাপন কৰে চিকিৎসকগৰাকীয়ে। ডাঃ বৰুৱাই কয় যে এই কথাসমূহ তেওঁ পূৰ্বেই SITৰ আগত উল্লেখ কৰিছিল আৰু আজি আদালততো একেই বক্তব্য দাঙি ধৰিছে।

ইফালে, জুবিন গাৰ্গৰ গোচৰ সম্পৰ্কীয় কেইবাখনো আবেদনৰ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। সিদ্ধাৰ্থ শৰ্মাই ছিংগাপুৰৰ কৰ’নাৰ্ছ আদালতৰ নথি গুৱাহাটী উচ্চ ন্যায়ালয়ত সংলগ্ন কৰাৰ বাবে দাখিল কৰা আবেদন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ফাষ্টট্ৰেক আদালতৰ সিদ্ধান্তকে বাহাল ৰাখে উচ্চ ন্যায়ালয়ে। সিদ্ধাৰ্থ শৰ্মাৰ ১৬ লাখটকীয়া বাসগৃহ সম্পৰ্কীয় বিষয়ৰ পৰৱৰ্তী শুনানি ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। পৰেশ বৈশ্যৰ জামিন আবেদনৰ শুনানি ১৮ ছেপ্টেম্বৰত হ’ব। শ্যামকানুৰ আবেদন আন এখন বেঞ্চলৈ স্থানান্তৰিত হ’ব। সময়ৰ বাবে আজি ডাঃ হিতেশ বৰুৱাৰ সাক্ষ্য সম্পূৰ্ণ নহ’ল। কাইলৈ পুনৰ তেওঁৰ সাক্ষ্য গ্ৰহণ কৰা হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments