Monday, July 7, 2025
Homeক্ৰীড়াজিম্বাবুৱে ক্ৰিকেটাৰ হিথ "ষ্টিক"ক লৈ বিশ্ব জুৰি চাঞ্চল্য

জিম্বাবুৱে ক্ৰিকেটাৰ হিথ “ষ্টিক”ক লৈ বিশ্ব জুৰি চাঞ্চল্য

ডিজিটেল ডেস্ক, ANEWS24X7:প্ৰাক্তন সতীৰ্থ হেনৰী অলংগাই টুইট যোগে “জিম্বাবুৱেৰ খেলুৱৈ গৰাকীৰ মৃত্যুৰ খবৰ বিয়পাই দিছিল ।তাৰ পিছতে পুনৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰি কয় যে এই কিংবদন্তিজন জীয়াই আছে। আৰু কয় মই নিশ্চিত কৰিব পাৰো যে হিথ ষ্ট্ৰিকৰ অৱসানৰ উৰাবাতৰিবোৰ বহু পৰিমাণে অতিৰঞ্জিত কৰা হৈছে। মাত্ৰ তেওঁৰ খবৰ পাইছো। তেওঁ জীয়াই আছে।

পূৰ্বৰ টুইটাৰৰ পোষ্টটোত অলংগাই লিখিছিল “এইটো এটা অতি দুখৰ খবৰ যে হিথ ষ্ট্ৰিক সিফাললৈ পাৰ হৈ গৈছে। RIP । আমি প্ৰয়োজন বোধ কৰা আটাইতকৈ ডাঙৰ অল ৰাউণ্ডাৰ। আপোনাৰ সৈতে খেলি ভাল লাগিল। মোৰ বলিং স্পেল শেষ হ’লে সিটো পাৰে দেখা পাম।”।

অৱশ্যে হেনৰি অলংগাৰে পূৰ্বৰ পোষ্টতো ইতিমধ্যে ডিলিট কৰিছে ।

ষ্ট্ৰিকৰ জীৱনি সৰ্প্অকে কয় নিজৰ সময়ৰ অন্যতম সজ্জিত ক্ৰিকেটাৰ, জিম্বাবুৱেক প্ৰতিনিধিত্ব কৰি ৬৫খন টেষ্ট, ১৮৯খন এদিনীয়া মেচত অংশগ্ৰহণ কৰাৰ লগতে ফৰ্মেটসমূহৰ মাজেৰে নিজৰ দেশৰ হৈ ৪৯৩৩ ৰান আৰু ৪৫৫টা উইকেট দখল কৰে। ষ্ট্ৰিক আজিলৈকে জিম্বাবুৱেৰ একমাত্ৰ খেলুৱৈ হিচাপে আছে যিয়ে টেষ্টত ১০০০ ৰান আৰু ১০০ উইকেটৰ ডাবল আৰু এদিনীয়াত ২০০০ ৰান আৰু ২০০ উইকেট দখল কৰিছে।

তেওঁৰ কেইবাটাও অভিলেখে এতিয়াও কেৱল জিম্বাবুৱেতে নহয়, সমগ্ৰ বিশ্বতে ক্ৰিকেটাৰসকলক অনুপ্ৰাণিত কৰিছে।কলন আৰু লিভাৰ কেন্সাৰত আক্ৰান্ত হোৱা ষ্ট্ৰিকৰ মে’ মাহত তেওঁৰ অৱস্থাৰ অৱনতি ঘটিছিল, যাৰ বাবে পৰিয়ালে তেওঁক তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল।

মুঠৰওপৰত বিশ্বত ক্ৰিকেট প্ৰেমিৰ মাজত চৰ্চিত হোৱা হিথ ষ্টিকৰ বিষয়টোক লৈ এতিয়া সকলো উতফুল্লিত ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments