Thursday, March 12, 2026
Homeৰাষ্ট্ৰীয়গোৱাৰ নাইট ক্লাৱত বিধ্বংসী অগ্নিকাণ্ড

গোৱাৰ নাইট ক্লাৱত বিধ্বংসী অগ্নিকাণ্ড

আৰপোৰাৰ এটা নাইট ক্লাৱত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। মাজ নিশা প্ৰায় ১ বজাত নাইট ক্লাৱটোৰ পাকঘৰত সংঘটিত চিলিণ্ডাৰ বিস্ফোৰণত কমেও ২৫ জন লোকৰ মৃত্যু হয়। মৃতসকলৰ ভিতৰত ৪জন পৰ্যটক, ১৪জন নাইট ক্লাৱটোৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডত মৃত্যু হোৱা ৭জন লোকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। বিধ্বংসী অগ্নিকাণ্ডটোত ছয়জন লোক গুৰুতৰভাৱে আহত হৈছে। আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয়। মৃতকৰ ভিতৰত অধিকাংশই শ্বাস-প্ৰশ্বাস ল’ব নোৱৰাত মৃত্যু হয়।

নিশাই ঘটনাস্থলীত উপস্থিত হয় গোৱাৰ মুখ্যমন্ত্ৰী ডাঃ প্ৰমোদ সাৱন্ত। মুখ্যমন্ত্ৰী ডাঃ প্ৰমোদ সাৱন্তই কয় যে মৃতসকলৰ অধিকাংশই নাইট ক্লাবৰ পাকঘৰৰ কৰ্মচাৰী, আৰু ইয়াৰ ভিতৰত তিনিগৰাকী মহিলাও আছিল। তেওঁ লগতে কয় যে মৃতসকলৰ ভিতৰত “তিনিৰ পৰা চাৰিজন পৰ্যটক” আছিল।
গোৱা আৰক্ষীয়ে জনোৱা মতে, “উত্তৰ গোৱাৰ আৰপোৰাৰ বাৰ্চ বাই ৰোমিঅ’ লেনত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ২৫জন লোকৰ মৃত্যু হয়, ইয়াৰে ৪জন পৰ্যটক, ১৪জন নাইট ক্লাৱৰ কৰ্মচাৰী আৰু ৭জন লোকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে।”
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments