মঙলবাৰে ফাষ্টট্ৰেক আদালতত সম্পন্ন হয় জুবিন গাৰ্গ হত্যা গোচৰৰ অন্যতম মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ শুনানি।২ মে’, শনিবাৰে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ ৰায় দিব আদালতে। মঙলবাৰে ৰায় সংৰক্ষিত ৰাখিলে আদালতে। শুনানিৰ অন্তত জুবিন গাৰ্গ গোচৰৰ অধিবক্তা প্রদীপ্ত তালুকদাৰে সদৰী কৰে এই তথ্য।
ইপিনে, জুবিন গাৰ্গৰ ২ দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ চার্জ হিয়াৰিং সম্পন্ন। পৰৱৰ্তী দিনত হ’ব আন ৫ অভিযুক্তৰ চার্জ হিয়াৰিং।জামিনক লৈ সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাৰ যুক্তি- ‘‘সিদ্ধাৰ্থে কেৱল জুবিনৰ প্ৰগ্ৰেম মেনেজ কৰাৰ বাবেহে মেনেজাৰ হিচাপে আছিল। জুবিনক চোৱাচিতাৰ দায়িত্বৰ বাবে নাছিল সিদ্ধাৰ্থ।’’কিন্তু সিদ্ধাৰ্থৰ অধিবক্তাৰ এই যুক্তিক খণ্ডন কৰে চৰকাৰী অধিবক্তাই।
