Wednesday, May 6, 2026
Homeঅসম'ৰকিবুল হুছেইনৰ নেতৃত্বত, গৌৰৱ গগৈৰ সভাপতিত্বত দলটো যি সজাবলৈ পৰিকল্পনা কৰিছিল সেইধৰণেই...

‘ৰকিবুল হুছেইনৰ নেতৃত্বত, গৌৰৱ গগৈৰ সভাপতিত্বত দলটো যি সজাবলৈ পৰিকল্পনা কৰিছিল সেইধৰণেই দলটো সজালে এতিয়া’

নিৰ্বাচনত জয়ী হোৱাৰ এদিন পিছতে গুৱাহাটীৰ বাজপেয়ী ভৱনত উপস্থিত হয় নৱ নিৰ্বাচিত বিধায়ক ভূপেন বৰা। গুৱাহাটীত উপস্থিত হৈয়ে নিৰ্বাচন খেলি কংগ্ৰেছ আৰু বিজেপিৰ মাজত কি পাৰ্থক্য দেখিলে সকলো ক’লে ভূপেন বৰাই।

‘‘কংগ্ৰেছ আৰু বিজেপিৰ মাজত বৃহৎ পাৰ্থক্য আছে। বিজেপিত নিৰ্বাচন খেলিবলৈ সংঘবদ্ধ প্ৰচেষ্টা থাকে। কংগ্ৰেছত হাৰিলে হাৰিলে আৰু জিকিলে জিকিলে। কংগ্ৰেছত কোনেও আপোনাক খবৰ নকৰে, কিন্তু বিজেপিত আপোনাক নিৰ্বাচনৰ পাছতো খবৰ লোৱা মানুহ আছে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰে মোক যথেষ্ট সহায় কৰিলে।’’

‘‘ৰকিবুল হুছেইনৰ নেতৃত্বত, গৌৰৱ গগৈৰ সভাপতিত্বত দলটো যি সজাবলৈ পৰিকল্পনা কৰিছিল সেইধৰণেই দলটো সজালে এতিয়া। নিৰ্বাচনৰ পাছত হোৱা বিৰোধী ঐক্যৰ মিটিঙত সভাপতিৰ ভাষণৰ পাছত ৰকিবুল হুছেইনে ভাষণ দিছিল, গতিকে ভাৱক কংগ্ৰেছ(R) হয় নে নহয়?’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments