Monday, June 1, 2026
Homeঅসমতিনিচুকীয়া জিলাৰ চামদাং বাইপাছত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।

তিনিচুকীয়া জিলাৰ চামদাং বাইপাছত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।

BREAKING NEWS 🚨
⭕ তিনিচুকীয়া জিলাৰ চামদাং বাইপাছত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
⭕ দুৰ্ঘটনাত থিতাতে নিহত দুজন লোক।
⭕ তিনিচুকীয়াৰ পৰা অৰুণাচল প্ৰদেশলৈ গৈ থকা এখন ভেনু বাহনে মহতিয়াই নিয়ে এগৰাকী মহিলা আৰু মটৰচাইকেল আৰোহী দুজনক।
⭕ নিহত মহিলা গৰাকী চাহ বাগিছাত বেতন ল’বলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। আনহাতে, মটৰচাইকেল আৰোহী দুজন চাহ বাগিছাৰ কাম সামৰি ঘৰলৈ উভতি গৈ আছিল বুলি জানিব পৰা গৈছে।
⭕ দুৰ্ঘটনাত জড়িত ভেনু বাহনখনৰ নম্বৰ — AR 20 A 0364
⭕ মটৰচাইকেলখনৰ নম্বৰ — AS 23 R 4573
⭕ দুৰ্ঘটনাৰ পিছতে আহত আৰু নিহত লোকসকলক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আহত এজন মটৰচাইকেল আৰোহীৰ অৱস্থা অতি সংকটজনক বুলি চিকিৎসক সূত্ৰে জানিব পৰা গৈছে।
⭕ দুৰ্ঘটনাটোত মৃত্যু হোৱা লোক দুজন ক্ৰমে পাভজান গাঁৱৰ লাজানটি উৰাং (৪০) আৰু বিকাশ উৰাং (৪২) বুলি চিনাক্ত কৰা হৈছে।
⭕ ইপিনে একেখন গাঁৱৰে কান্দৰো উৰাং (৪০) গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে।
⭕ ঘটনাস্থলীত বৰ্তমান উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে।
⭕ ঘটনা স্থলীত ডুমডুমা আৰক্ষীৰ দল উপস্থিত হৈছে যদিও পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হোৱা নাই।
⭕ উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি ক্ষুব্ধ ৰাইজে চামদাং বাইপাছ সম্পূৰ্ণ ৰূপে অৱৰোধ কৰি ৰাখিছে। ফলত অঞ্চলটোত যান-বাহন চলাচল সম্পূৰ্ণ ব্যাহত হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments