- নলবাৰীত ছাত্ৰ নেতা মাধুৰ্য বৰ্মনক হত্যা কৰা ৰোজ আলী আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু
- মুকালমুৱাৰ চৰত আত্মগোপন কৰি থকা অৱস্থাত ৰোজ আলীক আটক কৰিছিল আৰক্ষীয়ে
- ইয়াৰ পিছতে হত্যাকাৰীটোৱে আৰক্ষীৰ বন্দুক কাঢ়িবলৈ চেষ্টা কৰিছিল
- আৰক্ষীয়ে তাৰ পিছতে গুলী চলাবলৈ বাধ্য হয়।
- আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছিল ৰোজ আলী
- ততাতৈয়াকৈ হস্পাতালত ৰোজ আলীক ভৰ্তি কৰা হৈছিল যদিও অত্যাধিক ৰক্তক্ষৰণৰ বাবে মৃত্যু হয় ৰোজ আলীক
- এই ঘটনাক লৈ এতিয়া জিলাখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে
- পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জিলাখনৰ ঠায়ে ঠায়ে নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে।
