GMCHত মৃত্যুৰে যুঁজিছে নলবাৰীৰ মৃদুমুদ্ৰাই। যুৱতীগৰাকীৰ দেহত ৪-৫ স্থানত আছে গুৰুতৰ আঘাত। মূৰৰ পাছফালে আছে গুৰুতৰ আঘাত। লাওখোলা আৰু মগজুত পাইছে যথেষ্ট গুৰুতৰ আঘাত। ৰাজহাড়ৰ কাষত ছুৰীৰ দুটা গুৰুতৰ আঘাত আছে যুৱতীগৰাকীৰ। ছুৰীয়ে আঘাত হানিছে যুৱতীগৰাকীৰ হাওঁফাওঁত। এই কথা জনাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষকে।
ইয়াৰ উপৰি মৃদুমুদ্ৰাৰ মুখমণ্ডল আৰু ডিঙিৰ হাড়তো আছে ছুৰীৰ আঘাত। বৰ্তমান ICUত সংকটজনক অৱস্থাত চিকিৎসা চলি আছে মৃদুমুদ্ৰাৰ। মানসিকভাৱে অত্যন্ত ভয়ত আছে যুৱতীগৰাকী। আনৰ কথাৰ ভালকৈ সঁহাৰি জনাব পৰা নাই যুৱতীগৰাকীয়ে। নিশা প্ৰায় ১২.৩০ বজাত GMCHত ভৰ্তি কৰোৱা হৈছিল যুৱতীগৰাকীক।
জিএমচিএইৰ অধীক্ষকে কয়, ‘‘নলবাৰীৰ মুকলমুৱাৰ পৰা নিশা এটা ঘটনা আহিছে। ৭.৩০ বজাত নলবাৰী চিকিৎসা মহাবিদ্যালয়ত প্ৰাথমিক চিকিৎসা কৰি GMCHলৈ পঠাইছিল। নিশা প্ৰায় ১২.৩০ বজাত GMCHত ভৰ্তি কৰোৱা হৈছিল। ৪-৫ ঠাইত ছুৰীৰে কৰা গুৰুতৰ আঘাতৰ চিন আছে যুৱতীগৰাকীৰ দেহত। মূৰৰ পাছফালে মগজুত গুৰুতৰ আঘাত আছে, ছাল আৰু মগজুত যথেষ্ট আঘাত পোৱা গৈছে। পিঠিত ৰাজহাড়ৰ কাষত দুটা গুৰুতৰ আঘাত আছে। মুখমণ্ডল আৰু ডিঙিৰ হাড়ত চুৰিৰ আঘাত আছে। চুৰিৰ আঘাতৰ বাবে হাওঁফাওঁত প্ৰভাৱ পৰিছে। GMCHৰ কেইবাটাও বিভাগে চিকিৎসা চলাইছে যুৱতীগৰাকীৰ।’’
