কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে গুৱাহাটী টাউন ক্লাবত অনুষ্ঠিত কৰা হয় এদিনীয়া মুকলি ৰেপিড দবা প্ৰতিযোগিতা। ক্ৰীড়াঙ্গনত সমাবেশ ঘটিল ১০০ ৰো অধিক দবাৰুৰ। প্ৰতিযোগিতাখনত তন্ময় ৰাজবংশীয়ে ৭ ৰাউণ্ডৰ আটাইকেইখন খেলত জয়লাভ কৰি ৭ পইন্ট সংগ্ৰহেৰে দখল কৰে খিতাপ।

গুৱাহাটী টাউন ক্লাবত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গুৱাহাটী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা।
