Tuesday, July 28, 2026
Homeঅসমবিজুলি-ঢেৰেকনিৰ-বজ্ৰপাতৰ লগতে মূষলধাৰ বৰষুণ!

বিজুলি-ঢেৰেকনিৰ-বজ্ৰপাতৰ লগতে মূষলধাৰ বৰষুণ!

ৰাজ্যৰ অধিকাংশ জিলাতে বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ সতৰ্কবাণী জাৰি। বিজুলি-ঢেৰেকনিৰ লগতে মূষলধাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে এই জিলাসমূহত।২২খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই Yellow Alert জাৰি কৰাৰ লগতে ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাত জাৰি কৰা হৈছে Orange Alert।

উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে Yellow Alert।কাৰ্বি আংলং, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি জিলাতো Yellow Alert জাৰি কৰা হৈছে।সেইদৰে মৰিগঁাও, নগাঁও, কামৰূপ মেট্ৰ’, কামৰূপ, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও জিলাতো Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

লগতে চিৰাং আৰু কোকৰাঝাৰ জিলাতো Yellow Alert জাৰি কৰিছে গুৱাহাটীস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই।Yellow Alert জাৰি কৰা জিলাসমূহত বিজুলি-ঢেৰেকনি, বজ্ৰপাতৰ লগতে ঠায়ে ঠায়ে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।Orange Alert জাৰি কৰা জিলাসমূহত বিজুলি-ঢেৰেকনি-বজ্ৰপাতৰ লগতে ঠায়ে ঠায়ে অতি প্ৰৱল বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments