নৱোদয় বিদ্যালয় পৰিয়ালৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত
বিশ্বনাথ জিলাৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ গৌৰৱোজ্জ্বল ছাত্ৰী লিছা দাসক ২০২৬ চনত স্কটলেণ্ডৰ গ্লাসগোত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰা হৈছে।
মাত্র ১৬ বছৰ বয়সতে লিছাই সমগ্ৰ ভাৰতীয় দলটোৰ ভিতৰত আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে স্থান লাভ কৰিছে। তাই পেৰা ট্ৰেক চাইক্লিং, ইভেণ্টত অংশগ্ৰহণ কৰিব।
কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু সাহসেৰে লিছাই এই সাফল্য অৰ্জন কৰিছে। ২০২৫ চনত থাইলেণ্ডত অনুষ্ঠিত কৰাত পেৰা চাইক্লিং কাপত তাই ৪টা পদক অৰ্জন কৰিছিল। এতিয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চত তাইৰ এই পদক্ষেপে নৱোদয় বিদ্যালয় সমিতি, অসম আৰু সমগ্ৰ দেশকে গৌৰৱান্বিত কৰিছে।
জে এন ভি বিশ্বনাথৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু সমগ্ৰ নৱোদয় পৰিয়ালে লিছাৰ এই যাত্ৰাৰ বাবে শুভেচ্ছা জনাইছে।
