দেওবাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনপ্ৰিয় অনাতাঁৰ অনুষ্ঠান অনুষ্ঠান ‘মন কী বাত’ৰ ১৩৭সংখ্যক খণ্ডত দেশবাসীক সম্বোধন কৰে। ‘মন কী বাত’ৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মোৰ মৰমৰ দেশবাসী, নমস্কাৰ!”
মুম্বাইৰ কৃষ্ণা শেষাদ্ৰীৰ প্ৰসংগ উত্থাপন প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “বন্ধুসকল, কিছুদিন পূৰ্বে কোনোবাই সামাজিক মাধ্যমত লিখিছিল— ‘আষাঢ়ী একাদশীৰ পৱিত্ৰ উপলক্ষত ইতিহাসক আকৰ্ষণীয় কৰি তোলাৰ এক প্ৰচেষ্টা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিবলৈ পাই মই আনন্দিত।’”
তেওঁ লগতে জনোৱা মতে, এই প্ৰকল্পটোৰ ধাৰণাটো অতি সহজ। ৱেবছাইটটোত গৈ যিকোনো এটা বছৰ বাছনি কৰিলে সেই সময়ছোৱাত ভাৰতৰ কোনটো অঞ্চলত কোনগৰাকী শাসকৰ শাসন চলিছিল, সেই বিষয়ে সহজেই জানিব পাৰি।
প্ৰধানমন্ত্ৰীয়ে কয় যে বিষয়টো তেওঁৰ যথেষ্ট আকৰ্ষণীয় লাগিছিল আৰু সেয়েহে তেওঁ এই সন্দৰ্ভত অধিক জানিবলৈ চেষ্টা কৰে। তেওঁ জানিব পাৰে যে এই প্ৰকল্পটো মুম্বাইত বাস কৰা কৃষ্ণা শেষাদ্ৰীয়ে প্ৰস্তুত কৰিছে। বিশেষ কথাটো হ’ল, কৃষ্ণাই ৱেবছাইটটোৰ বাবে অতি সহজ নাম বাছি লৈছে— BharatRajya.com। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই প্ৰকল্পটোৰ বাবে কৃষ্ণাই কৰা পৰিশ্ৰমৰ বিষয়ে দেশবাসীয়ে জনাটো উচিত।