Friday, September 11, 2026
Homeঅসমবাল্যবিবাহক লৈ মুখ্যমন্ত্ৰীৰ ‘X’ ত প’ষ্ট

বাল্যবিবাহক লৈ মুখ্যমন্ত্ৰীৰ ‘X’ ত প’ষ্ট

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখা প’ষ্টত কৈছে যে আমি অসমবাসীয়ে আমাৰ যোৱা কাৰ্যকালৰ পৰা কৈ আহিছো আৰু বিশ্বাস কৰি আহিছো যে আমাৰ সমাজত বাল্য বা বলপূৰ্বক বিবাহৰ কোনো স্থান নাই আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। আনকি এতিয়া ৰাষ্ট্ৰসংঘয়েও এই কথাৰ সন্মতি জনাইছে। এই কু-প্ৰথা দুৰীকৰণৰ বাবে এক গোলকীয় সমৰ্থন হিচাপে ২৭ নৱেম্বৰক ‘বাল্য, আগতীয়া আৰু বলপূৰ্বক বিবাহ নিৰ্মূলকৰণৰ আন্তঃৰাষ্ট্ৰীয় দিৱস’ হিচাপে ঘোষণা কৰা হৈছে। যোৱা কেইবছৰমানৰ ভিতৰত অসমৰ প্ৰচেষ্টাই আমাক উল্লেখনীয় ফলাফল দেখুৱাইছে। ১২ হাজাৰতকৈও অধিক গোচৰ ৰুজু হৈছে। ১১ হাজাৰতকৈ অধিতক ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ২০ খন জিলাত বাল্য বিবাহৰ হাৰ ৮১ শতাংশ হ্ৰাস পাইছে। ইয়াৰ লগতে কিশোৰী গৰ্ভধাৰণৰ হাৰ নাটকীয়ভাৱে হ্ৰাস পাইছে আৰু মহিলাৰ উচ্চ শিক্ষাৰ নাম বৃদ্ধি পাইছে।
আমি ইতিমধ্যে ঘোষণা কৰিছিলো যে অহা নম্বেৱৰ মাহত বাল্য আৰু বলপূৰ্বক বিবাহৰ বিৰুদ্ধে এক আপোচহীন অভিযান আৰম্ভ কৰিম আৰু সকলো অপৰাধীক আইনৰ আওতালৈ আনিম যাতে আমাৰ জীয়ৰী সকলৰ ভৱিষ্যৎ সুৰক্ষিত হয় । ৰাষ্ট্ৰসংঘৰ এই ঘোষণাই প্ৰমাণ কৰে যে আমাৰ এই বাল্য বিবাহৰ বিৰুদ্ধে অভিযান সঠিক আছিল। এই অভিযান আছিল ৩ কোটি ৫০ লাখ জনসংখ্যাৰ এখন ৰাজ্যৰ পৰা এটা গোলকীয় সমস্যা তথা অপৰাধ নিৰ্মূলকৰণৰ যুঁজ। বাল্য বিবাহৰ বিৰুদ্ধে অসমৰ এই যুঁজে ৰাষ্ট্ৰীয় স্তৰত আলোচনাৰ বিষয় হৈ পৰিছিল আৰু এতিয়া ই গোলকীয় স্বীকৃতি লাভ কৰিছে। আমাৰ সংকল্প অপৰিৱৰ্তিত আছে ‘বাল্য বিবাহ মুক্ত এখন সমাজ’।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments