Monday, October 26, 2026
Homeৰাষ্ট্ৰীয়অভিজিত দীপকেলৈ বৃহৎ সকাহ

অভিজিত দীপকেলৈ বৃহৎ সকাহ

কৰোচ জনতা পাৰ্টী (CJP)ৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেই দিল্লীৰ ছাব-ডিভিজনেল এক্সিকিউটিভ মেজিষ্ট্ৰেট আদালত (SEM Court)ৰ পৰা চৰ্তসাপেক্ষে জামিন লাভ কৰিছে। জামিন লাভৰ বাবে তেওঁক জামিনদাৰৰ বণ্ডৰ লগতে শান্তি-শৃংখলা বজাই ৰখাৰ বণ্ড (Peace Bond) দাখিল কৰিবলৈ কোৱা হৈছে।
চৰ্ত অনুসৰি, দীপকেই এনে কোনো কাৰ্যকলাপত জড়িত হ’ব নোৱাৰিব, যাৰ ফলত শান্তি-শৃংখলা বিঘ্নিত হোৱাৰ আশংকা থাকে। প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পাছত তেওঁক মুকলি কৰি দিয়া হ’ব।
শুকুৰবাৰে দিল্লীৰ কনট প্লেচস্থিত চেণ্ট্ৰেল পাৰ্কত CJP-এ আহ্বান জনোৱা প্ৰস্তাৱিত ‘লেহৰা দো তিৰংগা’ ৰেলীৰ সময়ত দীপকেক আটক কৰা হৈছিল। শনিবাৰে তেওঁক SEM আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁক চৰ্তসাপেক্ষে জামিন প্ৰদান কৰে।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments