দুৰ্গোৎসৱৰ আনন্দৰ মাজতে মাকুম বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা
বাইক-এল্ট’ৰ মুখামুখি সংঘৰ্ষত এজন আহত, আৰক্ষীৰ তদন্ত আৰম্ভ
শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে তিনিচুকীয়া জিলাৰ মাকুম থানাৰ অন্তৰ্গত ছোটহাপজান ১২নং লাইনৰ সমীপৰ বাইপাছত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন আপাচি বাইক আৰু এল্ট’ বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এজন লোক আহত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, AS 23 AK 8645 নম্বৰৰ আপাচি বাইকখনে বিপৰীত দিশৰ পৰা আহি থকা AS 12 Z 9342 নম্বৰৰ এল্ট’ বাহনখনত খুন্দা মৰাত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত এল্ট’ বাহনখনত থকা এজন লোক আহত হয়। আহত লোকজন বৰপেটাৰ গৰৈমাৰী গাঁৱৰ বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, এল্ট’ বাহনখনৰ যাত্ৰীসকলে তিনিচুকীয়ালৈ গৈ থকা অৱস্থাত ছোটহাপজান বাইপাছত দুৰ্ঘটনাটো সংঘটিত হয়।
ইফালে, দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে মাকুম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে। আৰক্ষী অহাৰ উমান পাই বাইক আৰোহীজন আৰু চালকজন ঘটনাস্থলীৰ পৰা আঁতৰি যায় বুলি জানিব পৰা গৈছে।
পিছত আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন থানালৈ লৈ যায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
