প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত গোচৰৰ আইনী প্ৰক্ৰিয়াৰ মাজতে দেওবাৰে সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় স্পষ্ট কৰিছে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দল (SIT)-এ। অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গে লাভ কৰা জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্তৰ কথা সদৰী কৰিছে SITৰ মুৰব্বী তথা SDGP মুন্নাপ্ৰসাদ গুপ্তাই।
SITৰ মুৰব্বীগৰাকীয়ে কয় যে জামিন লাভ কৰিলেই কোনো অভিযুক্ত দোষমুক্ত হৈ নাযায়। জামিন আৰু বিচাৰ দুটা পৃথক আইনী বিষয়। জামিন প্ৰদানৰ সিদ্ধান্তই অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ চূড়ান্ত নিষ্পত্তি নুবুজায়। অভিযোগসমূহৰ সত্যতা বিচাৰ প্ৰক্ৰিয়াৰ জৰিয়তেহে নিৰ্ধাৰিত হ’ব। সেইবাবেই অমৃতপ্ৰভা আৰু সন্দীপনৰ জামিনৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাবলৈ SIT-এ উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে
জুবিন গাৰ্গৰ ন্যায় লাভৰ বিষয়টো এতিয়া আদালতৰ বিচাৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত। অৱশ্যে, উচ্চতম ন্যায়ালয়ত আবেদন দাখিলৰ পৰৱৰ্তী প্ৰক্ৰিয়া আৰু আদালতৰ সিদ্ধান্তৰ বিষয়ে অধিক তথ্য প্ৰকাশ কৰা নাই SIT-এ।
জুবিন গাৰ্গৰ ধন আত্মসাতৰ অভিযোগ সন্দৰ্ভত চলি থকা তদন্ত ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়া হৈছে বুলি সংবাদমেলত সদৰী কৰে SITৰ মুৰব্বীগৰাকীয়ে। তেওঁৰ ভাষ্য অনুসৰি, CIDত ১৯/২০২৫ নম্বৰত ৰুজু হোৱা গোচৰটোত এতিয়ালৈকে কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই। শ্যামকানুৰ বিৰুদ্ধে এই গোচৰ ৰুজু হৈছিল বুলি তেওঁ উল্লেখ কৰে।
জুবিন গাৰ্গৰ ধনৰ সৈতে জড়িত অভিযোগৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষ (CMV)ত আন এটা গোচৰ ৰুজু হোৱা বুলিও অৱগত কৰে মুন্নাপ্ৰসাদ গুপ্তাই। সেই গোচৰত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু জুবিন গাৰ্গৰ দুগৰাকী দেহৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ নাম উল্লেখ কৰা হৈছিল বুলি SDGP গৰাকীয়ে উল্লেখ কৰে।
