আজি দিল্লীত আটক পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নক
ভোটাৰ তালিকাৰ সংশোধনত হোৱা অনিয়মৰ অভিযোগ উত্থাপন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদত অংশগ্ৰহণ কৰি আটক
যন্তৰ-মন্তৰলৈ যোৱাৰ পথত আন কেইবাগৰাকীও বিৰোধী নেতা আৰু ছাত্ৰ-কৰ্মীকো আটক কৰে দিল্লী আৰক্ষীয়ে।
শনিবাৰে দিল্লীৰ যন্তৰ মন্তৰত ককৰোচ জনতা পাৰ্টী (CJP)-ৰ আহ্বানত অনুষ্ঠিত হ’বলগীয়া প্ৰতিবাদৰ পূৰ্বেই সষ্টম হৈ পৰিছে দিল্লী আৰক্ষী। ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰাৰ পাছত এইবাৰ CJP নেতা অভিজিত দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাসহ কেইবাজনো লোকক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, মুম্বাইৰ পৰা দিল্লীলৈ অহা অভিজিত দীপকে আৰু তেওঁৰ সহযোগীসকল দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে আৰক্ষীৰ জিম্মালৈ যায়। দিল্লী আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশিত খবৰ অনুসৰি, আৰক্ষীৰ এটা দলে বিমানৰ ভিতৰত প্ৰৱেশ কৰি তেওঁলোকক নতুন দিল্লী অঞ্চললৈ, বিশেষকৈ যন্তৰ মন্তৰলৈ নাযাবলৈ বুজাইছিল। কিন্তু তেওঁলোকে আৰক্ষীৰ পৰামৰ্শ মানি নোলোৱাত বিমানৰ ভিতৰৰ পৰাই আটক কৰা হয় বুলি সূত্ৰটোৱে দাবী কৰিছে।
