Wednesday, August 5, 2026
Homeঅসমমন্ত্ৰিত্ব লাভৰ পিছতে ডাঙৰ ঘোষণা কৰিলে মন্ত্ৰী কৌশিক ৰায়ে

মন্ত্ৰিত্ব লাভৰ পিছতে ডাঙৰ ঘোষণা কৰিলে মন্ত্ৰী কৌশিক ৰায়ে

মন্ত্ৰিত্ব লাভ কৰিয়ে মন্ত্ৰী কৌশিক ৰায়ে কৰিলে ডাঙৰ মন্তব্য।

তিনিটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব দিয়াৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰীগৰাকীয়ে কয় যে ‘‘আজিৰে পৰা কাম আৰম্ভ কৰিম।

প্ৰত্যাহ্বান থাকিলেও কাম কৰি যাম।

২৪/৭ ঘণ্টাই কাম কৰাৰ চেষ্টা কৰিম।’’

বিনামূলীয়া ৰেচন বন্ধৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ‘‘জুলাইত নতুন বাজেট হ’ব।

বাজেটৰ পিছতে পুনৰ ৰেচন কাৰ্ডৰ বন্ধ হোৱা সামগ্ৰী পুনৰ দিয়া হ’ব।’’

মূল্যবৃদ্ধি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ‘‘১৫ মাহত মন্ত্ৰী হৈ থকা সময়ত প্ৰতি খন জিলালৈ গৈছিল।

সকলো বিভাগৰ বিষয়াক লৈ টাস্ক ফৰ্চ গঠন কৰা হৈছিল।

মূল্যবৃদ্ধি হোৱা নাছিল।

এতিয়া যুদ্ধকালীন পৰিস্থিতিৰ বাবে কিছু প্ৰভাৱ পৰিছে।

মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে চেষ্টা কৰি যাম।’’

কৌশিক ৰায়ে কয় যে ‘‘নগৰ উন্নয়ন মন্ত্ৰী হিচাপে কৃত্ৰিম বানপানী সমস্যা সমাধানৰ বাবে ৰাইজৰ সহযোগিতা লাগিব।

ৰাইজে সহযোগ কৰি আহিছে আৰু আগন্তুক দিনতো ৰাইজে চৰকাৰক সহযোগ কৰিব বুলি আশা কৰিছো।

কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে যিমান পাৰি চেষ্টা কৰিম।’’

লগতে কৌশিক ৰায়ে কয় যে ‘‘সমবায় বিভাগৰ মন্ত্ৰী হিচাপে মানুহক সহায় কৰিবৰ বাবে সমবায়ৰ প্ৰয়োজন।

বিগত সময়ত সমবায় বিভাগৰ অৱস্হা খুবেই বেয়া আছিল।

কিন্তু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব যোৱাৰ সময়ত সমবায় বিভাগৰ যঠেষ্ট কাম হৈছে।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments