পূৰ্বৰ পৰম্পৰা অনুসৰি আজি পহিলা ব’হাগৰ দিনা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত বৰ্ষফল গণনা কৰা হয়। নৱবৰ্ষৰ প্ৰথম দিনটোৰ পুৱা বৰপেটা সত্ৰৰ নিত্য-নৈমিত্তিক প্ৰসংগৰ পিছত বৰপেটা সত্ৰত বৰ্ষফল গণনা কৰা হয়৷ পৰম্পৰাগতভাৱে বহু বছৰ ধৰি চলি অহা এই বৰ্ষফল গণনা কৰে সত্ৰৰ দৈৱজ্ঞ ত্ৰিদিপ দেৱ শৰ্মা দলৈয়ে।বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত কেইবাটাও ডাঙৰ ভৱিষ্যদ্বাণী কৰে দৈৱজ্ঞ ত্ৰিদিপ দেৱ শৰ্মা দলৈয়ে কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ, অসমৰ ছাত্ৰ সংগঠনকে ধৰি প্ৰাকৃতিক বাতাবৰণক লৈ কেইবাটাও ভৱিষ্যদ্বাণী কৰে দৈৱজ্ঞ ত্ৰিদিপ দেৱ শৰ্মা দলৈয়ে।
দৈৱজ্ঞ ত্ৰিদিপ দেৱ শৰ্মা দলৈয়ে প্ৰকাশ কৰে যে ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগৰ মাত্ৰা বেছি হ’ব, বতাহৰ মাত্ৰ বেছি হ’ব। ব’হাগত ভূমিকম্প আহিব পাৰে, ঘূৰ্ণি বতাহৰ মাত্ৰ বেছি হ’ব পাৰে। বিগত বছৰো ঘূৰ্ণি বতাহৰ মাত্ৰা বৃদ্ধি পাইছিল, যিহেতু সেই স্থানৰ পৰা গ্ৰহ সঞ্চাৰ হোৱা নাই। গ্ৰহ সঞ্চাৰ নহ’লে ঘূৰ্ণি বতাহ-শিলাবৃষ্টি চলি থাকিব। ২০২৭ চনৰ ৪ এপ্ৰিললৈ ইয়াৰ প্ৰভাৱ থাকিব।
দৈৱজ্ঞ ত্ৰিদিপ দেৱ শৰ্মা দলৈয়ে আৰু কয় যে কিছু কিছু ক্ষেত্ৰ মানুহৰ শাৰীৰিক সমস্যা হ’ব। মানুহৰ মানসিক কষ্ট বৃদ্ধি হ’ব। সুখ থাকিব কিন্তু অশান্তিও বৃদ্ধি হ’ব। ৰ’দৰ তাপমাত্ৰা বৃদ্ধি পাব। কীট-পতংগৰ মাত্ৰা বৃদ্ধি পাব আৰু ইয়াৰ প্ৰভাৱ কৃষিক্ষেত্ৰত পৰিব। স্থান বিশেষে বানপানীৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে। এইবৰ্ষটো সকলো ছাত্ৰ সংগঠনৰ বাবে শুভ হ’ব। নতুন নতুন কাম কৰিব পাৰিব ছাত্ৰ সংগঠনসমূহে।
বৰপেটা সত্ৰৰ বৰ্ষফল গণনা অনুসৰি দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হ’ব ডঃ হিমন্ত বিশ্ব শৰ্মা। এইবৰ্ষৰ ৭ নৱেম্বৰলৈ অতি শুভ দশা চলি আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ৷ ইয়াৰ লগতে দৈৱজ্ঞ ত্ৰিদিপ দেৱশৰ্মা দলৈয়ে বৰ্ষফল গণনাত সদৰি কৰে যে ৮০ৰ পৰা ৯০খন আসন লাভ কৰিব NDA মিত্ৰজোঁটে। অৱশ্যে প্ৰায় ১৮ মাহ মুখ্যমন্ত্ৰীৰ বাবে অশুভ বুলি জনাই দৈৱজ্ঞ ত্ৰিদিপ দেৱশৰ্মা দলৈয়ে। মুখ্যমন্ত্ৰীৰ বাবে শত্ৰুবৃদ্ধি, মানহানি আদি হ’ব পাৰে, সেয়ে মুখ্যমন্ত্ৰী সাৱধানে থকাটো মংগলজনক বুলি প্ৰকাশ কৰিলে দৈৱজ্ঞ ত্ৰিদিপ দেৱশৰ্মা দলৈয়ে।
