Tuesday, July 28, 2026
Homeঅসমৰিপুন বৰা বিজেপিত যোগদানৰ সন্দৰ্ভত কি ক'লে দিলীপ শইকীয়াই?

ৰিপুন বৰা বিজেপিত যোগদানৰ সন্দৰ্ভত কি ক’লে দিলীপ শইকীয়াই?

বিশ্বনাথত উপস্হিত হল বিজেপিৰ ৰাজ্যিক সভপতি দিলীপ শইকীয়া

নগাঁও’ৰ উপ-নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য সভাপতি গৰাকীৰ

বিশ্বনাথত উপস্হিত ভাৰতীয় জনাতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া।জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহআভিযান ২০২৬ ত সভাপতিগৰাকীয়ে অংশ গ্ৰহন কৰি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীবনীৰ উপৰত আধাৰিত পদৰ্শণী পৰ্যবেক্ষণ কৰে সভপতি গৰাকীয়ে।বিশ্বনাথ বিধান সভ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক পল্লব লোচন দাসে বিপুল আদৰণী জনাই সভপতি গৰাকীক।এই অনুষ্ঠানতে সভাপতি গৰাকীয়ে নাগঁওত অনুষ্ঠিত হব লগিয়া উপ নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে ইতিমধ্যে এখন সমিতি গঠন কৰা হৈছ।সেই সমিতিৰ অধ্যক্ষৰ দায়িত্ব অৰ্পন কৰা হৈছে মন্ত্ৰী পিযুছ হাজৰিকাক।উন্ন্যনৰ স্বাৰ্থত নগাঁওৰ সামগ্ৰীক বিকাশৰ স্বাৰ্থত নগাঁওৰ জনসাধাৰনে বিজেপি তথা এন ডি এক সমৰ্থন দিবলৈ উলাই আহিব বুলি মন্তব্য কৰে সভপতি গৰাকীয়ে।আনহাতে কংগ্ৰেছৰ জেষ্ঠ নেতা ৰিপুন বৰা বিজেপিত যোগদান কৰা যি বাতৰি উলাইছে,এই সন্দৰ্ভত বৰ্তমান এই ধৰণৰ কথাৰ উত্তৰ দিবলৈ আমাৰ ওচৰত কোনো সমল নাই,যেতিয়া সময় আহিব’তেতিয়া নিশ্চয় জনাম বুলি মন্তব্য প্ৰকাশ কৰে সভাপতি গৰাকীয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments