Friday, September 11, 2026
Homeঅসমভূটান সীমান্তত ভয়ানক ৰূপ লৈছে বন্যহস্তীৰ উপদ্ৰৱে

ভূটান সীমান্তত ভয়ানক ৰূপ লৈছে বন্যহস্তীৰ উপদ্ৰৱে

ভেৰগাঁৱৰ বামুনজুলিত পুনৰ বন্যহস্তীৰ পোৱালীৰ মৃত্যু , ভূটান সীমান্তত ভয়ানক ৰূপ লৈছে বন্যহস্তীৰ উপদ্ৰৱে ।

কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগোম বন বিভাগ, হাতী-মানুহৰ সংঘাত ৰোধ কৰাত ব্যৰ্থ ৰাজ্য চৰকাৰৰ বিয়াগোম বন বিভাগ।

বৰ্তমানেও বৃহৎ বন্যহস্তীৰ জাকে বিচৰণ কৰি আছে বামুনজুলি চাহ বাগিছাত।
______

🐘 ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এইবাৰ ঘটনাৰ স্থান ভেৰগাঁৱৰ বামুনজুলি চাহ বাগিছা ।

🐘 ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত অব্যাহত আছে হাতী মানুহৰ সংঘাত৷ খাদ্যৰ সন্ধানত কাষৰীয়া বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে গ্ৰামাঞ্চলত প্ৰবেশ কৰি তাণ্ডৱ চলাই আহিছে ৷

🐘 জিলাখনৰ ভূটান সীমান্তৱৰ্তী ডিমাকুছি , বামুনজুলি , বৰগীতল , নালাপাৰা , ৰজাগড় ধৰমজুলি আদি অঞ্চলৰ ৰাইজে এতিয়া সহবাস কৰিবলগীয়া হৈছে বন্যহস্তীৰ সৈতে ৷ হাতীৰ উপদ্ৰৱত উজাগৰী নিশা কটাবলগীয়া হৈছে সীমান্তৱৰ্তী গঞাই৷
🐘 কেইবামাহো ধৰি বামুনজুলি , বাদলাপাৰা , ডিমাকুছি , বৰগীতল , নালাপাৰা, ধৰমজুলিত বহুতো পৰিয়ালৰ ঘৰ-বাৰী ভাঙি লণ্ডভণ্ড কৰাৰ লগতে তামোল বাৰী খেতি পথাৰ ধ্বংস কৰি আহিছে বন্যহস্তীয়ে ।

🐘 বামুনজুলিত যোৱা নিশা নবিনশ্বন সোণা নামৰ লোকজনৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে বন্যহস্তীয়ে।

🐘 হাতী মানুহৰ সংঘাতত প্ৰতিবছৰে জিলাখনত ১৫/২০ গৰাকীকৈ নিৰীহ লোকে প্ৰাণ দিবলগীয়া হোৱাৰ বিপৰীতে জীৱশ্ৰেষ্ঠৰ জীঘাংসাৰো বলি হ’ৱলগীয়া হৈছে বন্যহস্তী ৷ হাতী মানুহৰ সংঘাত ৰোধৰ বাবে কোনো এখন চৰকাৰে ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই ওদালগুৰিত ভয়ংকৰ ৰূপ লৈছে হাতী মানুহৰ সংঘাতে ।
🐘 সম্প্ৰতি জিলাখনত বন্যহস্তীৰ মৃত্যুৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱা ঘটনাই উদ্বিগ্ন কৰি তুলিছে প্ৰকৃতিপ্ৰেমী সকলক ৷ বিগত দুটা মাহৰ ভিতৰতে তিনিজনকৈ লোকে অকাল মৃত্যুক আকোঁৱালি লোৱাৰ বিপৰীতে এটা বন্যহস্তীৰ পোৱালীৰ মৃত্যু ঘটিছে ।

🐘 স্থানীয় ৰাইজৰ অভিযোগ দৈনিক শিল-বালিৰ ট্ৰেক্টৰ-ডাম্পাৰৰ পিছত দৌৰি থকা বন বিভাগৰ লোকক বন্যহস্তী খেদিবলৈ বন বিভাগক খৱৰ জনোৱাৰ পিছতো সময়ত উপস্থিত নহয়।
🐘 আনহাতে স্থানীয় এম চি এল ৰ লগতে এমেলে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা নকৰাকৈ কোনো ধৰণৰ সঁহাৰি নিদিয়াৰ অভিযোগ, কেৱল মাথোঁ টৰ্চ লাইট বিতৰণ কৰিয়েই দায়িত্ব সামৰে।

🐘 স্থানীয় ৰাইজে ঘাঁহ কাটিবলৈ গৈ বামুনজুলি চাহ বাগিচাৰ মাজত হাতীৰ পোৱালিৰ মৃতদেহ প্ৰত্যক্ষ কৰি বনবিভাগক খৱৰ দিয়ে৷।

🐘 ভূটান সীমান্তৱৰ্তী অঞ্চলটোত ব্যাপক হাৰত বনাঞ্চল ধ্বংস আৰু বেদখলৰ বাবেই তীব্ৰ খাদ্য সংকট আৰু বাসস্থানৰ অভাৱত বনাঞ্চলৰ হাতী জনাঞ্চললৈ ওলাই আহিছে৷ অঞ্চলটোৰ এলিফেণ্ট কৰিডৰ সমূহ দখল কৰি এচাম মানুহে বাসস্থান গঢ়ি তোলাৰ বাবেই এতিয়া অঞ্চলটোত হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ।
🐘 জিলাখনৰ হাতী মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তথা বনবিভাগক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাৱী জনাইছে ভূক্তভোগী ৰাইজে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments