Monday, March 30, 2026
HomeUncategorized'তৰুণ গগৈয়ে কেন্দ্ৰৰ কিমান টকা পালে উত্তৰ নিদিলে, মই বণিয়াৰ বেটা, মই...

‘তৰুণ গগৈয়ে কেন্দ্ৰৰ কিমান টকা পালে উত্তৰ নিদিলে, মই বণিয়াৰ বেটা, মই সকলো হিচাপ লৈ আহিছোঁ’

ঢেকীয়াজুলিত অনুষ্ঠিত বিজেপিৰ বিজয় সংকল্প সভাত উপস্থিত থাকি নিৰ্বাচনী ৰণডংকা বজালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সভাত উপস্থিত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘‘অসমৰ মূল সমস্যা হৈ পৰিছে অনুপ্ৰৱেশকাৰী। অনুপ্ৰৱেশকাৰীয়ে অসমৰ যুৱ প্ৰজন্মৰ চাকৰি খাইছে। এই ভূমি অনুপ্ৰৱেশকাৰীৰ নহয়। ১ লাখ ২৫ হাজাৰ একৰ মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰা হ’ল। শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাতো অনুপ্ৰৱেশকাৰীয়ে চলাইছিল

‘‘পুনৰ চৰকাৰ গঠন কৰিলে অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰা হ’ব।’’ ভাষণত লালে টাপুৰ নৰসংহাৰৰ কাহিনীও উল্লেখ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি শ্বাহে কয়, ‘‘SIRৰ বিৰোধ কৰিছে ৰাহুল বাবা এণ্ড কোম্পানীয়ে। অসমৰ যুৱ প্ৰজন্মই ক’ব বিদেশীক খেদিব লাগে নে নাই?’’‘‘তৰুণ গগৈয়ে কেন্দ্ৰৰ কিমান টকা পালে উত্তৰ নিদিলে। মই বণিয়াৰ বেটা, মই সকলো হিচাপ লৈ আহিছোঁ। মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিকাশৰ সূচী লৈ আহিছোঁ। সময়ৰ অভাৱৰ বাবে মই এতিয়া সদৰী কৰিব নোৱাৰিম।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments