Friday, April 10, 2026
Homeশিক্ষাকাইলৈ ঘোষণা হ’ব HSLC পৰীক্ষাৰ ফলাফল!

কাইলৈ ঘোষণা হ’ব HSLC পৰীক্ষাৰ ফলাফল!

কাইলৈ HSLCৰ ফলাফল ঘোষণাৰ সম্ভাৱনা। HSLCৰ ফলাফলক ঘোষণাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

শিক্ষামন্ত্ৰীগৰাকীয়ে জনাই যে HSLC পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে সাজু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ড।বিধানসভা নিৰ্বাচনত ভোটদান কৰিবলৈ আহি HSLCৰ ফলাফল ঘোষণা লৈ এই মন্তব্য কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

পূৰ্বে মুখ্যমন্ত্ৰীয়ে ১০ এপ্ৰিলত ফলাফল দিয়াৰ কৰিছিল ঘোষণা। বোকাজানত নিৰ্বাচনী প্ৰচাৰৰ সময়তে ২৯ মাৰ্চত মাজতে এই ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে।উল্লেখযোগ্য যে ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰী, ২০২৬লৈকে অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। SEBAৰ পৰিৱৰ্তে ASSEBৰ নতুন নিয়মেৰে অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা।

২০২৬ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ মুঠ ৪,৩৮,৫৬৫গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments